বিশ্বনাথ, 3 ডিচেম্বৰ: নতুন কৃষি আইন বাতিলৰ বাবে দিল্লী অভিমুখী কৃষক সকলৰ দাবী মানি লোৱাৰ দাবীৰে, কৃষক মহাসভা অসমৰ বিশ্বনাথ জিলা সমিতিয়ে বিহালীৰ বৰগাঙৰ উন্নয়ন খণ্ডৰ সন্মুখত অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
কৃষক আইন বাতিলৰ লগতে EIA 2020 বাতিল, মূল্যবৃদ্ধি হ্ৰাস, কৃষক আৰু চাহ শ্ৰমিকৰ দখলত থকা সকলো মাটিৰ পট্টা প্ৰদান কৰা, কৃষিক্ষেত্ৰ পুঁজিপতিক নিদিবলৈয়ো প্ৰতিবাদকাৰী সকলে দাবী জনায় । "আমি আপোনালোকৰ লগত আছো" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম কৃষক মহাসভাৰ আহ্বায়ক অনন্ত হাজৰিকা আৰু লক্ষীকান্ত কুৰ্মী, অসম কৃষক মহাসভাৰ একাংশ বিষয়ববীয়াৰ লগতে একাংশ কৃষক ।