ETV Bharat / state

বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ দল-সংগঠনৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলোবাৰ সম্পদ বিক্ৰী কৰাৰ লগতে সংবিধানৰ সকলো নীতি-আদৰ্শ শেষ কৰাৰ পৰিকল্পনা কৰি আছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

author img

By

Published : Aug 10, 2020, 10:03 PM IST

Protests against the BJP government
বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ দল-সংগঠনৰ

বিশ্বনাথ, কৰিমগঞ্জ,10আগষ্টঃ ১৯৪২ চনৰ ৯ আগষ্টত গঢ়লৈ উঠা স্মৰণীয় ভাৰত ত্যাগ আন্দোলনৰ বিশেষ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি তথা জেলভৰো কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি CPI(ML),অসম চাহ শ্ৰমিক সংগ্ৰাম সমিতি আৰু চিটুৱে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

আজি CPI(ML), অসম চাহ শ্ৰমিক সংগ্ৰাম সমিতিয়ে বিশ্বনাথৰ বৰগাং চেন্টাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলোবাৰ সম্পদ বিক্ৰী কৰাৰ লগতে সংবিধানৰ সকলো নীতি-আদৰ্শ শেষ কৰাৰ পৰিকল্পনা কৰি আছে বুলি অভিযোগ উত্থাপন কৰে ৷

ইপিনে, শাসক দল বিজেপি চৰকাৰে দেশৰ সকলো সম্পদ দেশী-বিদেশী পুঁজিপতিৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি কৰিমগঞ্জত প্ৰতিবাদ সাব্যস্ত কৰে চিটুৱে ৷ কৰিমগঞ্জ চহৰৰ মাজেৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে সংগঠনটোৱে ৷ আনহাতে, কৰ’ণা মহামাৰীৰ সংকটৰ এই সময়ছোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰে-বাৰে জনবিৰোধী নীতি গ্ৰহণ কৰি জনতাৰ জীৱনৰ স্বাধীনতা কাঢ়ি নিয়াৰ চেষ্টা কৰাৰ অভিযোগো উত্থাপন কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃ15 আগষ্টত টাই আহোমক প্ৰদান কৰক জনজাতিৰ মৰ্যদা: টাইপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.