ETV Bharat / state

গহপুৰত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদী মানৱ শৃংখল

বুধবাৰে কেইবাটাও দল সংগঠৰ লোকে অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ সকলক মুক্তিৰ দাবীৰে,গহপুৰত মানৱ শৃংখলেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদী মানৱ শৃংখল
প্ৰতিবাদী মানৱ শৃংখল
author img

By

Published : Jul 15, 2020, 5:10 PM IST

বিশ্বনাথ, 15 জুলাই: অখিল গগৈৰ লগতে তেওঁৰ সতীৰ্থ সকলক মুক্তিৰ দাবীৰে বুধবাৰে কেইবাটাও দল সংগঠৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে গহপুৰত । সদৌ অসম অনুসুচীত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে,গহপুৰৰ আটছা,আছা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি মানৱ অধিকাৰ সংগ্ৰাম সমিতি আদি কেইবাটাও দল সংগঠনে । যিহেতু অখিল গগৈসহ তেওঁৰ সতীৰ্থ সকলক সুস্থ অৱস্থাত গ্ৰেপ্তাৰ কৰিছে ঠিক তেনেদৰে সুস্থ অৱস্থাত তেওঁলোকক বিনা স্বৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ।

গহপুৰত কেইবাটাও দল-সংগঠনৰ মানৱ শৃংখল

কৃষক নেতা কেইগৰাকীক গ্ৰেপ্তাৰ কৰি চৰকাৰে হিটলাৰী শাসন কৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে । লগতে চৰকাৰক জনতাৰ কণ্ঠ শুনাবলৈ চেষ্টা কৰক বুলি সকীয়নি প্ৰদান কৰি,আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে । জনতাৰ বিপক্ষে গৈ এইখন চৰকাৰে কাম কৰিছে মহামাৰীৰ সময়তো । লক ডাউনৰ সুযোগ লৈ চৰকাৰে জনতাৰ বিৰুদ্ধে ৰাজনীতি কৰি গৈছে । এনে ভিন্ন অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে,জনতাক শোষণ কৰাৰ পৰিৱৰ্তে জনতাৰ কণ্ঠ শুনি জনতাৰ হৈ কাম কৰিবলৈ চেষ্টা কৰক বুলি সকীয়নি প্ৰদান কৰে চৰকাৰক ।

লগতে পঢ়ক: বানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.