বিশ্বনাথ , 6 ডিচেম্বৰ : বিশ্বনাথৰ বিহালীস্থিত কেটলা চাহ বাগিচাৰ শ্ৰমিকে ঘেৰাও কৰিলে বৰগাং আৰক্ষী চকী । ২ ডিচেম্বৰত কেটলা চাহ বাগিচাৰ বাংলোত কৰ্মৰত ১৬ বছৰীয়া পূজা ভূঞা নিৰুদিষ্ট হৈ কেইদিনমানৰ পাছত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছিল সমগ্ৰ বিহালীত । শেহতীয়াকৈ, বৰগাং আৰক্ষীৰ সহযোগত বিহালী আৰক্ষীয়ে তদন্ত কৰি উক্ত বাংলোত চকীদাৰ ৰূপে কৰ্মৰত বাবুল খাৰিয়াক আটক কৰে ।
ইপিনে, বাবুল খাৰিয়াক আটক কৰাৰ লগে লগে বাগিচা খনৰ ক্ষুব্ধ শ্ৰমিক, ছাত্ৰ সংগঠন, যুৱক-যুৱতী, বৃদ্ধ, সকলো স্বতঃফূৰ্ত ভাৱে ওলাই আহি ৩ কিঃমিঃ পদযাত্ৰা কৰি বৰগাং আৰক্ষী চকীত উপস্থিত হয় । বাগিচা খনৰ সকলো শ্ৰমিকে পুজা ভূঞাৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবীত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, শ্ৰমিকসকলৰ এই প্ৰতিবাদত বৰগাং অঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰে । শেষলৈ আৰক্ষী বিভাগৰ তৎপৰতাত প্ৰতিবাদকাৰী সকল শান্ত হয় আৰু প্ৰশাসনেও প্ৰতিবাদকাৰী সকলক দোষীক উপযুক্ত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে |
আৰু পঢ়ক : 'কেব' নামানে অসমীয়াইঃ দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজি যোৱাৰ হুংকাৰ