বিশ্বনাথ, 7 মে’ : বৃহস্পতিবাৰে বিশ্বনাথ জিলা প্ৰশাসনে চলিত মাহটোৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য নিৰ্ধাৰণ কৰিছে । সাম্প্ৰতিক ক’ভিড মহামাৰী পৰিস্থিতৰ সুযোগ লৈ অসাধু ব্যৱসায়ীসকলে যাতে সামগ্ৰীসমূহৰ মজুতকৰণ আৰু মূল্য বৃদ্ধি কৰিব নোৱাৰে সেইয়া নিশ্চিত কৰিবৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে এনে পদক্ষেপ গ্ৰহণ কৰিছে । অতি কমেও 14 বিধ সামগ্ৰী যেনে চাউল, দাইল, ঘেঁহু, তেল, আলু, পিয়াঁজ আদিৰ পাইকাৰী আৰু খুচুৰা মূল্য নিৰ্ধাৰণ কৰা হয় আৰু এই মূল্যৰ তালিকা এমাহৰ বাবে বলবৎ হোৱাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে ।
![চলিত মাহৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য নিৰ্ধাৰণ বিশ্বনাথ জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11669183_image.jpg)
অন্যান্য সামগ্ৰীসমূহৰো যাতে মজুতকৰণ আৰু ক’লা বজাৰ ৰোধ কৰিব পাৰে তাৰ বাবে বিশ্বনাথ জিলা উপায়ুক্ত শ্ৰী প্ৰণৱ কুমাৰ শৰ্মাই খাদ্য আৰু অসামৰিক যোগান বিভাগক নিয়মীয়া পৰিদৰ্শনৰ নিৰ্দেশ দিছে ৷ সকলো পাইকাৰী আৰু খুচুৰা বিক্ৰেতাক প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যতে নিত্য ব্যৱহাৰ্য সমগ্ৰী সমূহ বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্তই ৷ চৰকাৰী নিৰ্দেশনা অমান্য কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ গুদাম সমূহ ছীল কৰি দিয়া হ’ব বুলিও সৰ্তক কৰিছে প্ৰশাসনে । উপায়ুক্ত শ্ৰী প্ৰণৱ কুমাৰ শৰ্মাই কয় যে, "এয়া আমাৰ সকলোৰে বাবে সংকটৰ সময় । এনে সময়ত যিহেতু বিভিন্ন বাধা নিষেধ আৰোপ কৰিবলগীয়া হৈছে, সৰ্বসাধাৰণ ৰাইজ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে । সেয়েহে গ্ৰাহক ৰাইজৰ স্বাৰ্থৰ প্ৰতি ধ্যান ৰাখি আমি জিলা খনত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰি দিছোঁ । নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব ।"
![চলিত মাহৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য নিৰ্ধাৰণ বিশ্বনাথ জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-6-m-covid-awareness-phito-scrpt-as10018_06052021203229_0605f_1620313349_980.jpg)
তদুপৰি জিলা প্ৰশাসনে ক’ভিড মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বসাধাৰণ ৰাইজক ক’ভিড নীতি-নিৰ্দেশনা সমূহৰ প্ৰতি সজাগ কৰা আৰু এই সমূহ মানি চলাতো সুনিশ্চিত কৰিবৰ বাবে সমগ্ৰ জিলা খনতে বিভিন্ন সজাগতা অভিযান চলাই আছে । ইয়াৰ বাবে অতি কমেও 11 টা ফ্লায়িং স্কোৱাড গঠন কৰি দিয়া হৈছে । এই উদ্দেশ্যে বৃহস্পতিবাৰে সহকাৰী আয়ুক্ত সংঘামিত্ৰা ভাগৱতীৰ নেতৃত্বত বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰত এক বিশেষ সজাগতা অভিযান চলোৱা হয় । বজাৰত বিভিন্ন আত্মসহায়ক গোটে তৈয়াৰ কৰা মাস্ক বিতৰণ কৰাৰ লগতে জনসাধাৰণক ঘৰৰ বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় । এই অভিযানত বিশ্বনাথ পৌৰ সভা, বিশ্বনাথ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনী সমূহে অংশ গ্ৰহণ কৰে ।
উল্লেখ্য যে, জিলা প্ৰশাসনে ৰাইজৰ মাজত ভ্ৰাম্যমান অনুভাষ যন্ত্ৰৰ জৰিয়তে ক’ভিড নীতি-নিৰ্দেশনা সমূহ মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজক সজাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও ৰাইজৰ মাজত ক’ভিড পৰীক্ষা কৰি আক্ৰান্ত ব্যক্তি সকলক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পাৰি নেকি তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ৷
লগতে পঢ়ক : ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা