বিশ্বনাথ,১ এপ্ৰিল : ৰাজ্যজুৰি বিহুৰ উখল-মাখল পৰিৱেশ । প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা । বিশ্বনাথতো শুনা গৈছে ঢোলৰ গুমগমনি, পেঁপাৰ কিৰিলী । পিছে কেৱল বিহুৰ বাবে নহয় মুখ্যমন্ত্ৰীক আদৰিবলৈ ৫০ যোৰা বিহুৱা নাচনীয়ে পূৰ্ণোদ্যমে চলাইছে প্ৰস্তুতি (Bihu team ready to wellcome CM) । এইয়া বিশ্বনাথৰ গহপুৰ মহকুমাৰ পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি ।
পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব (Preparations to welcome the CM) । মুখ্যমন্ত্ৰীগৰাকী গহপুৰলৈ আগমনক লৈ গহপুৰ পূৰ্বজ্যোতি কৃষিপাম নিগমৰ কৰ্তৃপক্ষৰ মাজত দেখা গৈছে ব্যাপক ব্যস্ততা । এই উপলক্ষে ৫০ গৰাকী ঢুলীয়া আৰু ৫০ গৰাকী নাচনী সাজু কৰিছে পূৰ্বজ্যোতি কৃষি পাম নিগমৰ কৰ্তৃপক্ষই (Purbojyoti Agricultural Farm Corporation) ।
যিহেতু সন্মুখত চেনেহৰ ৰঙালী বিহু, তাৰ লগতে পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তী সমাগত ৷ ইয়াৰে লগত সংগতি ৰাখি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত বিহু নৃত্য প্ৰদৰ্শনৰ বাবে আখৰা আৰম্ভ কৰে শনিবাৰৰ পৰা । বিষ্ণু বৰা ক্ষেত্ৰ পূৰ্ব্বজ্যোতি ক্ৰীড়া সন্থাৰ খেলপথাৰত ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সোণালী জয়ন্তী মহোৎসৱ ।
উল্লেখযোগ্য যে, ১৯৭৪ চনত অসম কৃষিপাম নিগম আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা পূৰ্বজ্যোতি কৃষিপামে অহা ৫ এপ্ৰিলত ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিব । তাৰ উপলক্ষে এই বিশেষ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাক মুখ্য অতিথি হিচাপে ইতিমধ্যে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ নেতৃত্বত যোৱা এটা দলে নিমন্ত্ৰণ জনাইছে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী উপস্থিত থকা কথাও প্ৰকাশ কৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই । আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যৰ কৃষিপামৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ।
লগতে পঢ়ক: NHRCCB letter to DGP Assam : আৰক্ষী থানাত চিচিটিভি কেমেৰা স্থাপনৰ বাবে DGP লৈ বিশেষ পত্ৰ