ETV Bharat / state

Karam Parab 2023:বিশ্বনাথত কেন্দ্ৰীয় কৰম পৰবত পাঁচ সহস্ৰাধিক নাচনীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 12:53 PM IST

বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত ৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব কৰম পৰব । সাংসদ পল্লৱলোচন দাসে মূল তোৰণ মুকলি কৰিব ৷

Karam Parab  in Assam
বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰ
বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰ

বিশ্বনাথ, ২ অক্টোবৰ: উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত বিভিন্ন জাতীয় সংগঠন তথা ৰাইজৰ সহযোগত কেন্দ্ৰীয় কৰম উদযাপনৰ প্ৰস্তুতি চলিছে পূৰ্ণ গতিত ৷ বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত ৩ অক্টোবৰৰ পৰা ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব কৰম পৰব ৷ পাঁচ সহস্ৰাধিক নাচনীৰে ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ বাবে অনুশীলন আৰম্ভ কৰিছে ৷ ৩ অক্টোবৰৰ পৰা পুৱা কৰমতীসকলৰ দ্বাৰা জাৱা উঠা পৰ্বৰ পাছত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে স্বচ্ছতা অভিযানৰ উদ্বোধন কৰিব ৷ পুৱা ৯ বজাত জ্যেষ্ঠ অধিবক্তা কুমুদ বৰুৱাই গছপুলি ৰোপণ কাৰ্যসূচীৰ উদ্ধোধন কৰিব ৷

ইপিনে, ৪ অক্টোবৰৰ পুৱাৰে পৰা পৰা ক্ৰমে স্বচ্ছতা অভিযান, গছপুলি ৰোপণ কাৰ্যসুচীৰ ৰোপক হিচাবে বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই অংশগ্ৰহণ কৰিব ৷ দিনৰ ২:৩০ বজাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে মঞ্চ মুকলি কৰিব ৷ আবেলি ৩ বজাত চাদী গীত, ৪ বজাত টুচুগীত প্ৰতিযোগিতা আৰু সন্ধ্যাৰ লগে লগে জাৱা জাগৰণ পৰ্ব আৰম্ভ হ'ব ৷

অহা ৫ অক্টোবৰত স্বচ্ছতা অভিযানৰ পাছতেই বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই গছপুলি ৰোপণ কৰা কাৰ্যসূচী আৰম্ভ হ'ব ৷ দিনৰ ১১ বজাৰ পাচৰে পৰা থিতাতে লিখা কবিতা,চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কুইজ প্ৰতিযোগিতা , আল্পনা প্ৰতিযোগিতা, জাহলী গীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ সন্ধিয়া ৬ বজাৰ লগে লগে জাৱা জাগৰণ পৰ্ব ৷ ৬ অক্টোবৰত নিচুকনি গীত, নাটুৱা নৃত্য প্ৰতিযোগিতাৰ অন্তত জাৱা জাগৰণ হ'ব ৷ ৭ অক্টোবৰত সাংসদ পল্লৱলোচন দাসে মূল তোৰণ মুকলি কৰাৰ পাছত ৯:৩০ বজাৰ লগে লগে উত্তৰ অসম চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ভোলাৰাম ৰাউতীয়াই পতাকা উত্তোলন কৰিব ৷ শ্বহীদ তৰ্পণ কৰিব সাধাৰণ সম্পাদক দিগন্ত ঘাটোৱাৰে ৷ ১১ বজাত উদযাপন সমিতিৰ সম্পাদকদ্বয় অনন্ত সোনা আৰু সুনীল টুটিয়ে কাৰ্যালয় উদ্ধোধন কৰিব ৷ বিশ্বনাথ মহকুমা চিকিৎসা বিষয়া ডাঃ দুলুমনি শইকীয়াই চিকিৎসা সেৱা কেন্দ্ৰৰ মুকলি কৰাৰ পাছতে বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়াই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব ৷

আবেলি ৪ বজাৰ পৰা সাধাৰণ সম্পাদক দিগন্ত ঘাটোৱাৰে আঁত ধৰিবলগীয়া সভাত সম্বৰ্দ্ধনা অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাত বিশিষ্ট কবি সোমেশ্বৰ ওৰাঙৰ দ্বাৰা কৰমডাল স্থাপন আৰু পুজা আৰম্ভ কৰা হ'ব ৷ সন্ধিয়া ৭ বজাত বিশ্বনাথ জিলা অতিৰিক্ত আয়ুক্ত ড৹ নেহা যাদৱে মঞ্চ মুকলি কৰিব ৷ আখড়া বন্দনা আৰু আখড়া মুকলি কৰিব অসম চৰকাৰৰ শ্ৰম আৰু কল্যানমন্ত্ৰী সঞ্জয় কিষাণে ৷ মূল কাৰ্যসুচীত সদৌ অসম ভূমিজ সমাজৰ সম্পাদক ৰূপনাথ ভূমিজে কৰম ডাল বিসৰ্জন কৰা পৰ্বৰ আঁত ধৰিব ৷ ইয়াৰ পাছত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰোপক হিচাবে অংশগ্ৰহণ কৰিব বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই ৷ দিনৰ ১১ বজাত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাবে উপস্থিত থাকিব ৷

আবেলি ২ বজাত উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ভোলাৰাম ৰাউতীয়াৰ সভাপতিত্বত আৰু সম্পাদক দিগন্ত ঘাটোৱাৰৰ আঁত ধৰা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াব উদযাপন সমিতিৰ সভাপতি পল্লৱলোচন দাসে ৷ পৰৱৰ্তী সময়ত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ চিন্তামণি শৰ্মাৰ দ্বাৰা গৌতম গোৱালা আৰু ৰমেশ চন্দ্ৰ চৰেণ’ৰ যুটীয়া সম্পাদনাত 'অমন' নামৰ স্মৃতিগ্ৰন্থখন উক্ত মুকলি সভাত উন্মোচন কৰা হ'ব ৷ তাৰপাছতেই পাঁচ সহস্ৰাধিক নাচনীৰে ঝুমুৰ নৃত্য পৰিৱেশন কৰা হ'ব ৷ এই ঐতিহাসিক নৃত্য পৰিৱেশন অনুষ্ঠানটি মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিশিষ্ট অতিথি হিচাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী অশোক সিংহল, অতুল বৰা, কেশৱ মহন্ত ,ডাঃ ৰণোজ পেগু, পীয়ুষ হাজৰীকা,সঞ্জয় কিষাণ, বিমল বড়া, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, সাংসদ প্ৰদান বৰুৱা,দিলীপ শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ,বিধায়কসকল ক্ৰমে পদ্ম হাজৰিকা,ৰঞ্জিত দত্ত,উৎপল বৰা,ৰূপজ্যোতি কুৰ্মী,তেৰচ গোৱালা,ৰূপেশ গোৱালা,পৃথ্বীৰাজ ৰাভা,গনেশ লিম্বু, কৃষ্ণকমল তাঁতী, অমিয় কুমাৰ ভুঞা,মানৱ ডেকা,প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ,প্ৰবীণ হাজৰিকাৰ উপৰি এবিআইটিএ অধ্যক্ষ মহেন্দ্ৰ শ্বেখাৱতে অংশগ্ৰহণ কৰিব ৷

আনহাতে, প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা, আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰ বৰুৱা,অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰধান সম্পাদক সঞ্জীৱ কৈৰী, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক অৰুণ কাঁৱৰ, অসম চাহ জনজাতি মহিলা সমিতিৰ সভানেত্ৰী মিচিমি ধান,সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু হেমৰম বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ৷ আমন্ত্ৰিত অতিথি ৰূপে বিশ্বনাথ জিলা অতিৰিক্ত আয়ুক্ত ড৹ নেহা যাদৱ, জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাকে ধৰি কেইবাগৰাকী উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকিব ৷ সন্ধিয়া ঝুমুৰ গুৰু ভদ্ৰ ৰাজোৱাৰে সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব ৷

লগতে পঢ়ক:Musk slam Canada PM : বিশ্বজুৰি সমালোচিত কানাডাৰ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক লৈ অসন্তুষ্ট ইলন মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.