ETV Bharat / state

বিশ্ব পৰিৱেশ দিৱস পালনৰ প্ৰস্তুতি সন্দৰ্ভত বটিয়ামাৰী গাওঁ পঞ্চায়তত সভা

৫ জুনত সমগ্ৰ বিশ্ববাসীয়ে উদযাপন কৰিব পৰিৱেশ দিৱস । বিশ্বনাথৰ বিহালীতো প্ৰস্তুতি চলিছে বিশ্ব পৰিৱেশ দিৱসৰ । বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বটিয়ামাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ।

PREPARATION FOR WORLD ENVIRONMENT DAY IN BISWANATH
বিশ্ব পৰিৱেশ দিৱস পালনৰ প্ৰস্তুতি সন্দৰ্ভত বটিয়ামাৰী গাওঁ পঞ্চায়তত সভা
author img

By

Published : Jun 4, 2021, 11:25 AM IST

বিশ্বনাথ, ৪ জুন: বৃহস্পতিবাৰে বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বটিয়ামাৰী গাঁও পঞ্চায়তত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । ক'ভিড প্ৰটকল মানি অনুষ্ঠিত কৰা এই সভাৰ সভাপতিত্ব কৰে পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাসে । ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস কেনেদৰে উদযাপন কৰিব পাৰি সেই সন্দৰ্ভত ৰাইজৰ মতামত বিচাৰে সচিব মহেন্দ্ৰ উপাধ্যায়ে ।

PREPARATION FOR WORLD ENVIRONMENT DAY IN BISWANATH
বিশ্ব পৰিৱেশ দিৱস পালনৰ প্ৰস্তুতি সন্দৰ্ভত বটিয়ামাৰী গাওঁ পঞ্চায়তত সভা

ইফালে, পঞ্চায়ত তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আদৰণীয় বুলি কৈ সকলো দিশতে সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকালে । আনহাতে, গছ পুলি ৰোপণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহায়-সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি সাংবাদিক শ্ৰীমন্ত দাসে কয় যে, বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হোৱা স্থানত স্থায়ীয় ব্যক্তিৰ দ্বাৰা গছ পুলি ৰোপণ কৰিলে ভাল হ'ব ।

লগতে গছ পুলি চোৱা-চিতা কৰাৰ ক্ষেত্ৰত স্থানীয় গাওঁৰক্ষী বাহিনীক সহযোগিতা আগবঢ়াৱলৈ তেওঁ আহ্বান জনায় । সভাত উপস্থিত থাকি বিশিষ্ট সমাজ সেৱক তথা শিক্ষক সঞ্জীৱ কুমাৰ দাস আৰু বটিয়ামাৰীৰ জ্যেষ্ঠ বিজেপি কৰ্মী চেনত গৌতমে বিধায়ক ৰঞ্জিত দত্তই কৰা উন্নয়নমূলক কামৰ শলাগ লয় ।

শেহতীয়াকৈ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ৫ জুন তাৰিখত বটিয়ামাৰী গাওঁ পঞ্চায়ত, বৰালিমৰা গাওঁ পঞ্চায়ত, নিজবিহালী গাওঁ পঞ্চায়ত, বৰগাং গাওঁ পঞ্চায়ত, গাংমৌথান গাওঁ পঞ্চায়ত কেইটাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা দুই লাইন যুক্ত পথকেইটাৰ দুয়ো কাষে বিভিন্ন ফল-মূল আৰু সৌন্দৰ্য্য বৰ্ধক গছ ৰোপণ কৰিবলৈ পঞ্চায়ত আৰু বন বিভাগক নিৰ্দেশ দিছিল ।

উক্ত নিৰ্দেশৰ পিছতেই পঞ্চায়তে বিশ্ব পৰিৱেশ দিৱসত গছ পুলি ৰোপণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । আনহাতে, সভাৰ আৰম্ভণিতে পঞ্চায়ত সচিব মহেন্দ্ৰ উপাধ্যায়ে পঞ্চায়তৰ ক'ভিড পৰিস্থিতি বুজ লোৱাৰ লগতে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে অধিক সজাগতা সৃষ্টি কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিসকলক আহ্বান জনায় ।

লগতে পঢ়ক:সৰুপথাৰৰ বিশিষ্ট সমাজকৰ্মী শম্ভূনাথ সেনৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.