ETV Bharat / state

Pradhan Mantri Fasal Bima Yojana: বিশ্বনাথত পঞ্চম শস্য বীমা সপ্তাহৰ সজাগতা শিবিৰ

author img

By

Published : Jul 1, 2023, 10:38 PM IST

বিশ্বনাথতো ’পঞ্চম শস্য বীমা সপ্তাহ’ সজাগতা শিবিৰৰ আয়োজন ৷ পঞ্চম শস্য বীমা সপ্তাহ’ৰ সজাগতা শিবিৰৰ শুভ আৰম্ভ কৰে বিধায়ক উৎপল বৰাই ৷ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি বীমা কোম্পানীৰ সহযোগত বিশেষ সজাগতা শিবিৰৰ ৷

Pradhan Mantri Fasal Bima Yojana
বিশ্বনাথত পঞ্চম শস্য বীমা সপ্তাহৰ সজাগতা শিবিৰৰ

বিশ্বনাথ,1 জুলাই: বিশ্বনাথতো ’পঞ্চম শস্য বীমা সপ্তাহ’ সজাগতা শিবিৰৰ আয়োজন ৷ ‘পঞ্চম শস্য বীমা সপ্তাহ’ৰ সজাগতা শিবিৰৰ শুভ আৰম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই ৷ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি আৰম্ভ হ’ল 'পঞ্চম শস্য বীমা সপ্তাহ' ৷ পঞ্চম শস্য বীমা সপ্তাহ উপলক্ষ্যে বিশ্বনাথত জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি বীমা কোম্পানীৰ সহযোগত বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰে ৷

কাৰ্যসূচী অনুসৰি শনিবাৰে প্ৰথম দিনা বিশ্বনাথৰ কলাবাৰী কৃষি চক্ৰৰ অধীনত পূৱ-ছয়দুৱাৰ উন্নয়ন খণ্ডত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । শুভাৰম্ভণি সভাত কৃষকৰ মাজত 'প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা' (PMFBY) আঁচনিৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে আঁচনিখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিস্তাৰিত ভাবে আলোচনা কৰা হয় ।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কেনেকৈ এজন কৃষকে নিজৰ খেতি বীমা কৰিব পাৰি তাৰ বিষয়ে বিতংকৈ ব্যাখ্যা আগবঢ়ায় গহপুৰৰ বিধায়কগৰাকীয়ে । শতাধিক কৃষক ৰাইজে অংশ গ্ৰহণ কৰা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলা কৃষি বিষয়া দিব্যজ্যোতি ফুকন, পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাণা দ্বীপ চুতীয়া, কৃষি বিভাগৰ অন্য বিষয়াসকলৰ লগতে এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ বিষয়ববীয়াসকল ।

উল্লেখযোগ্য যে অহা ৭ জুলাই পৰ্যন্ত বিশ্বনাথ কৃষি জিলাৰ অন্তৰ্গত গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ বিভিন্ন উন্নয়ন খণ্ডত 'ফচল বীমা সপ্তাহ'ৰ বিশেষ শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জিলা কৃষি বিভাগৰ এক বিবৃতিত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:Drugs destroy: বিশ্বনাথ আৰু নাহৰকটীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ দহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.