ETV Bharat / state

Veterinary hospital in Gohpur:গহপুৰত পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা - গহপুৰ সমষ্টি

অতিকে শোচনীয় ৰূপত আছে গহপুৰৰ পশু চিকিৎসালয়খন ৷ দেখিলে চকু কপালত উঠিব আপোনাৰ ৷

Poor condition of veterinary hospital in Gohpur
পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা
author img

By

Published : Jul 3, 2023, 7:27 PM IST

পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা

বিশ্বনাথ, 3 জুলাই : ৰাজ্যৰ পশু বিভাগৰ পয়ালগা ছবিখন শেহতীয়াকৈ উন্মোচিত হৈছে ৷ বহু জিলাত থকা পশু চিকিৎসালয়ৰ শোচনীয় ৰূপ সংবাদমাধ্যমে প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ আন আন জিলাৰ লগতে পশু বিভাগৰ পয়ালগা ছবিখন উন্মোচিত হৈছে শোণিতপুৰ জিলা গহপুৰ মহকুমাতো ৷ গহপুৰৰ পশু চিকিৎসালয়ৰ প্ৰকৃতস্বৰূপ দেখি ভাবিবলৈ বাধ্য হৈ পৰিব যে চৰকাৰৰ দৃষ্টিত উন্নয়নৰ প্ৰকৃত অৰ্থ কি আচলতে ! উল্লেখ্য যে, চলিত বর্ষত গহপুৰত প্ৰথমটো বানে বিভীষিকাৰ সৃষ্টি কৰিছিল ৷ বিশেষকৈ প্ৰথমটো বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে গহপুৰ সমষ্টিৰ অধিকাংশ গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ কৃষক ৰাইজ ।

কৃষকসকলৰ লগতে বানত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে পশুপালক সকলো ৷ বানৰ পাচত গহপুৰৰ বিভিন্ন অঞ্চলৰ পশুধনৰ মাজত কেতবোৰ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰাত চিন্তিত হৈ পৰিছে পশুপালকসকল ৷ বিশেষকৈ আফ্ৰিকান ছোৱাইন ফিভাৰে গহপুৰ সমষ্টিৰ লগতে ৰাজ্যৰ বহু কেইখন জিলাত গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ মাজতে উন্মোচিত হৈছে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ পয়ালগা ছবি ৷

গাঁৱে–ভূঞে পশুপালকসকলক সকাহ দিবলৈ এতিয়া ৰাজ্যৰ লগতে গহপুৰ সমষ্টিত নাই পর্যাপ্ত পশু চিকিৎসক আৰু পশু চিকিৎসালয় । যি কেইখন আছে তাতো ক’ৰবাত নাই এজনো পশু চিকিৎসক নতুবা আকৌ আন ক’ৰবাত চিকিৎসালয় অৱস্থা একেবাৰে শোচনীয় । নাই পৰ্যাপ্ত চিকিৎসক আৰু ঔষধ, যাৰ ফলত এতিয়া শ শ পশুপালকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । বিশেষকৈ শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ দক্ষিণ অঞ্চলৰ গো-পালক সকলৰ অধিক সমস্যাই দেখা দিছে ।

গহপুৰ দক্ষিণাঞ্চলৰ বাকৰিদলনী, ডাঠকলা, হাতীবন্ধা আদি গাৱঁৰ গো-পালক সকলৰ একমাত্ৰ ভৰসা বাকৰিদলনী পশু চিকিৎসালয়খন বিগত ১০ বছৰে বন্ধ হৈ থকাত এতিয়া অঞ্চলটোৰ প্ৰায় ২০ গাঁৱৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বিশেষকৈ এইবাৰ প্ৰথমটো বানৰ ফলত বহু পশু বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যু মুখত পৰিছে ।

উল্লেখ্য যে অঞ্চলটোৰ ৭০ শতাংশ লোকে একমাত্ৰ গো-পালন কৰি জীৱিকাৰ পথ বাচি লৈছে, কিন্তু তেনেস্থলত অঞ্চলটোত পশুসমূহ চোৱা-চিতা কৰিবলৈ এখনো চিকিৎসালয় নথকা সমস্যাত পৰিছে স্থানীয় গো-পালকসকল । গহপুৰ মহকুমা প্ৰশাসনলৈ ৰাইজৰ দাবী যে অতি শীঘ্ৰে বাকৰিদলনী পশু চিকিৎসালয় পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে যাতে মুকলি কৰি সমস্যা দূৰ কৰাত সহায় কৰে ৷

লগতে পঢ়ক : Nalbari veterinary hospital: ঘন জংঘলে আৱৰি জহি-খহি গ’ল নলবাৰীৰ এখন পশু চিকিৎসালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.