ETV Bharat / state

মোনাবাৰী চাহ বাগিছাত নিষিদ্ধ ৰাজনৈতিক নেতা : আটছা - Assam Tea Tribes Students Association

ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মোনাবাৰী চাহ বাগিছাত আটছা সদস্যৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আগন্তুক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য কৰি বিশ্বনাথ জিলা বিহালী সমষ্টিত প্ৰাৰ্থীত্বৰ দৌৰত থকা নেতা সকলক মোনাবাৰী চাহ বাগিছাত প্ৰৱেশ কৰাত বিশ্বনাথ জিলাৰ আটছা সদস্য অমিত তাছাৰ সকীয়নি ৷

Political Leader Prohibited In Monabari Tea Garden  : AATSA

author img

By

Published : Jul 22, 2020, 8:25 PM IST

বিশ্বনাথ, 22 জুলাই : সমগ্ৰ দেশতে দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-19 আক্ৰান্তৰ সংখ্যা । তাৰ সমান্তৰালকৈ অসমতো দৈনিক বৃদ্ধি পাইছে ক’ভিডৰ আক্ৰান্ত সংখ্যা । ইফালে অসম চৰকাৰে এইদৰে দ্ৰুতগতিত ক’ভিড-19 আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাত বুধবাৰৰ পৰা আন্তঃজিলা যাত্ৰীবাহী বাছ আৰু ব্যক্তিগত যানবাহন এখন জিলাৰ পৰা আনখন জিলালৈ যাতায়তত নিষেধাজ্ঞা জাৰি কৰিছে ৷ কেৱল জৰুৰীকালিন সেৱাৰ ক্ষেত্ৰতেহে এই বাধা আৰোপ কৰা হোৱা নাই ।

ইটিভি ভাৰতৰ জৰিয়তে ৰাজনৈতিক নেতাক সকীয়নি আটছা নেতাৰ

ইফালে চৰকাৰে প্ৰতিজন লোককে ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে । যি সকলে মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থান বা ঘৰৰ বাহিৰত উলাই আহিব সেই সকলক এক হাজাৰ টকাকৈ জৰিমনা বিহাৰো ব্যৱস্থা কৰিছে ‌। লগতে কোনো জিলাত সামাজিক দুৰত্ব ভংগ কৰি সভা সমিতি আয়োজন কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে চোকা নজৰ ৰাখিছে । তেনে সময়তে একাংশ ৰাজনীতি দলৰ নেতা চাহ বাগিছাত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে ‌।

যাৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য কৰি বিশ্বনাথ জিলা বিহালী সমষ্টিৰ প্ৰাৰ্থীত্বৰ দৌৰত থকা নেতা মোনাবাৰী চাহ বাগিছাত প্ৰৱেশ কৰাত বিশ্বনাথ জিলাৰ আটছা সদস্য অমিত তাছাই ইটিভি ভাৰতৰ জৰিয়তে সেই নেতা সকলক সকীয়নি প্ৰদান কৰে ৷ চাহ শ্ৰমিক সকলৰ লগত আলোচনা কৰাৰ লগতে বাগিছাখনৰ একাংশ লোকৰ ঘৰত প্ৰৱেশ কৰাত ক্ষুণ্ণ হৈ পৰে বিশ্বনাথ জিলাৰ আটছা সদস্যগৰাকী ।

মোনাবাৰী চাহ বাগিচাত নিষিদ্ধ ৰাজনৈতিক নেতা : আটছা

ইয়াৰ লগতে সদস্যগৰাকীয়ে প্ৰকাশ কৰে যে,কোনো তেনে ৰাজনৈতিক নেতা,দলে গাড়ী লৈ বৰ্তমান সময়ত মোনাবাৰী চাহ বাগিছা প্ৰৱেশ নকৰিব কাৰণ সেই গাড়ী বা লোকসকলৰ পৰা বাগিছাৰখনৰ শ্ৰমিক সকললৈ কৰ’ণা সংক্ৰমণ হ'ব পাৰে ৷ সেই বাবে নিৰ্বাচন আয়োগে নিৰ্বাচন দিন ঘোষণা নকৰালৈকে কোনো ৰাজনীতি দলৰ নেতা বাগিছাখনত প্ৰৱেশ নকৰিবলৈ আহ্বান জনায় আটছা সদস্য নেতাগৰাকীয়ে ।

লগতে চাওক-ডাঙৰ খবৰ : 26 নহয় 19 ছেপ্তেম্বৰত আৰম্ভ হ’ব আইপিএল !

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.