ETV Bharat / state

আৰক্ষী বিষয়া লক্ষীৰাম সোণোৱালক সামৰিক মৰ্যাদাৰে শেষ বিদায়

author img

By

Published : Aug 28, 2022, 10:33 PM IST

অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ(Assam Grade 3 recruitment written exam) দায়িত্ব সমাপন কৰিবলৈ আহি অকাল মৃত্যুক আঁকোৱালি লয় ABSI লক্ষীৰাম সোণোৱালে ৷ জামুগুৰিহাটৰ কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীলৈ অনা হয় সোণোৱালৰ নশ্বৰদেহ ৷ সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয় লক্ষীৰাম সোণোৱালক ৷

police-personals-dead-in-road-accident-at-gohpur
ABSI লক্ষীৰাম সোণোৱালক সামৰিক মৰ্যাদাৰে শেষ বিদায়

চতিয়া, ২৮ আগষ্ট: গহপুৰ পুৰুপবাৰীত দেওবাৰে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দায়িত্ব সমাপন কৰিবলৈ আহি এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লয় ABSI লক্ষীৰাম সোণোৱালে(Police personals dead in Road accident at Gohpur) ৷ জামুগুৰিহাটৰ কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীৰ ABSI লক্ষীৰাম সোণোৱালৰ মৃতদেহ বিয়লি বাহিনীটোৰ মূখ্য কাৰ্যালয়লৈ লৈ অনা হয় ৷

দ্বাদশ অসম আৰক্ষী বাহিনীৰ বিষয়া-জোৱানসকলে ABSI লক্ষীৰাম সোণোৱালক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ বিদায় জনায় । উল্লেখ্য যে, আজি ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থী কঢ়িয়াই লৈ গৈছিল AS 07 C 7721 আলট্ৰা বাছখনে(Assam recruitment exam 2022) ৷ ইফালে পৰীক্ষা কেন্দ্ৰৰ কৰ্তব্যৰ বাবে আহি আছিল AS12 AB 8358 নম্বৰৰ আৰক্ষীৰ বলেৰ’ বাহনখন ৷

গহপুৰ পুৰুপবাৰীত পুৱা আলট্ৰা বাছ আৰু আৰক্ষীৰ বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়(Road accident at Gohpur) ৷ এই দুৰ্ঘটনাত 5 গৰাকীকৈ আৰক্ষীৰ লোক গুৰুতৰভাৱে আহত হয় ৷ তেওঁলোকক ততালিকে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় ৷

লগতে পঢ়ক : গহপুৰৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫ জন আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.