বিশ্বনাথ, 30 মে’: এইবাৰ বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হ’ল চোৰাং চিকাৰী(Poachers injured in Biswanath police firing) ৷ নগাঁৱৰ জুৰীয়াৰ পৰা দুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীটোৱে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে ৷ ইতিমধ্যে মৃত্যুবৰণ কৰা গঁড় চিকাৰী নালকুৰৰ সহযোগী আছিল জাকিৰ নামৰ চোৰাং চিকাৰীটো ৷
সোমবাৰে নিশা প্ৰায় 2 বজাত লুকুৱাই থোৱা অস্ত্ৰ আৰক্ষীক দেখুৱাবলৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল জাকিৰে ৷ তেতিয়াই আৰক্ষীয়ে চোৰাং চিকাৰীটোক উদ্দেশ্যি গুলীচালনা কৰা(Encounter at Biswanath) ত ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় ৷
আৰক্ষীয়ে আহত চোৰাং চিকাৰীটোক ততালিকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(TMCH) লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো বিতং তথ্য সদৰি কৰা নাই ৷
লগতে চাওক: Batadrava PS Incident: গাড়ীৰ খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল