ETV Bharat / state

কন্যকা কৃষি পাম পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰীৰ

author img

By

Published : Jun 9, 2020, 3:11 PM IST

বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত কন্যকা বহুমুখী কৃষি পাম পৰিদৰ্শন অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ ৷ পামখন পৰিদৰ্শন কৰাৰ উদ্দেশ্যে সোমবাৰে জামুগুৰিহাটত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ পৰিদৰ্শনৰ পিছত স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ হয় মন্ত্ৰী দলে ৷

PNRD Minister visited kanyaka farm sootea biswanath assam etv bharat news
কন্যকা কৃষি পাম পৰিদৰ্শন

চতিয়া,9 জুন: চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী কৃষি পামে ইতিমধ্যে চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যজুৰি ৷ এই পাম পৰিদৰ্শনৰ উদ্দেশ্যে সোমবাৰে চতিয়াত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে ৷ মন্ত্ৰীগৰাকীয়ে বিভাগীয় কেইবাগৰাকীও বিষয়াক লগত লৈ পামখনত উপস্থিত হৈ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ৷

কন্যকা কৃষি পাম পৰিদৰ্শন

পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত পামখন পৰিদৰ্শনৰ বহুদিনীয়া আশা পূৰ্ণ হোৱাৰ কথা ব্যক্ত কৰাৰ লগতে পৰৱৰ্তী সময়ত পামখনৰ জৰিয়তে বহু নিবনুৱা যুৱক-যুৱতীয়ে প্ৰেৰণা পোৱাৰ লগতে যথেষ্ট উপকৃত হ’ব বুলি প্ৰকাশ কৰে ৷ লগতে পামখনক পূৰ্ণাংগ ৰূপ দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰা বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওকঃ মহানগৰীত কোভিড-19ত আক্ৰান্ত চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.