ETV Bharat / state

বিশ্বনাথত ক’ভিড প্ৰতিষেধক ভড়াল উদ্বোধন কৰিলে পিযুষ হাজৰিকাই - সংসদীয় পৰিক্ৰমা বিভাগ

বিশ্বনাথত নৱনিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়ালৰ উদ্বোধন কৰিলে অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ইয়াৰ লগতে কেইবাটাও টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক ক’ভিড ১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জনালে আহ্বান ৷

pizush hazarika inaugurates covid vaccine storage
বিশ্বনাথত ক’ভিড প্ৰতিষেধক ভড়াল উদ্বোধন কৰিলে পিযুষ হাজৰিকাই
author img

By

Published : Jun 22, 2021, 10:05 PM IST

বিশ্বনাথ জুন ২২: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই(minister Pizus Hazarika ) মঙলবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমীপত প্ৰায় চাৰি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়াল এটিৰ উদ্বোধন কৰে।

অনুষ্ঠানটোত উপস্থিত হৈ ভাষণ প্ৰসঙ্গত মন্ত্ৰী হাজৰিকাই নিৰ্ধাৰিত সময়ৰ ভিতৰতে ক’ভিড প্ৰতিষেধক ভড়ালটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ বাবে জিলা প্ৰশাসন আৰু অৰ্থ সাহায্য প্ৰদান কাৰীসকলৰ শলাগ লয় । ইয়াৰ অভাৱত পূৰ্বতে শোণিতপুৰ জিলাৰ পৰা ক’ভিডৰ প্ৰতিষেধক আনিব লগা হৈছিল, যাৰ ফলত বিশ্বনাথ জিলাত টিকাকৰণ কাৰ্যসূচী(vaccination program)কিছু পৰিমাণে ধীৰ হৈ পৰিছিল।

সম্প্ৰতি ৪০,০০০ পালি প্ৰতিষেধক মজুতকৰণৰ ক্ষমতা থকা ভড়ালটি উদ্বোধন কৰি মন্ত্ৰী হাজৰিকাই কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ বাবেই আজি অধিক সংখ্যক মানুহে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ব পাৰিছে । মন্ত্ৰীগৰাকীয়ে কয়, “ভেকচিন ল’বলৈ মানুহ আগ্ৰহী। ভেকচিন লৈ, মাস্ক পিন্ধি, সামাজিক দূৰত্ব বজাই ৰাখি অথবা সঘনাই হাত বীজাণুমুক্ত কৰিহে আমি ক’ভিডক জয় কৰিব পাৰিম”।

আনহাতে, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ব্যাপক হাৰত আৰম্ভ কৰা ক’ভিড ১৯ ৰ টীকাকৰণৰ বাবে আৰু অধিক সংখ্যক মানুহক ওলাই আহিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । উদ্বোধনী কাৰ্যসূচীত ভাগ লৈ প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই সকলো ৰাইজকে চৰকাৰে আগবঢ়োৱা বিনামূলীয়া টীকাকৰণৰ সুবিধা গ্ৰহণ কৰি ক’ভিডৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় ।

মন্ত্ৰীগৰাকীৰ সৈতে মঙলবাৰৰ এই কাৰ্যসূচীত অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, সমাজকৰ্মী উদয় আদিত্য গোস্বামী, অন্যান্য বিষয়াবৰ্গ, টি কে ইঞ্জিনীয়াৰিঙ প্ৰাইভেট লিমিটেডৰ বিষয়াবৰ্গ আদি উপস্থিত আছিল ।

লগতে পঢ়ক : আৰক্ষীৰ জালত গো-মাফিয়া তথা বিতৰ্কিত কংগ্ৰেছ নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.