ETV Bharat / state

চতিয়া সমষ্টিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা - চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জীয়া ভৰলী নদীৰ ওপৰত জি'অ টিউবৰ সলনি নতুন কাৰিকৰী পদ্ধতিৰে নিৰ্মাণ কাৰ্য চলি থকা গাইড বান্ধ কামো পৰিদৰ্শন কৰে ৷

Piyush Hazarika visit Sonitpur
চতিয়া সমষ্টিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা
author img

By

Published : Jun 22, 2021, 10:47 PM IST

চতিয়া, ২২ জুন : শোণিতপুৰ জিলাৰ জামুগুৰিহাটত মঙলবাৰে অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে বাপুজি ভৱনত ভেকচিন চেন্টাৰ পৰিদৰ্শন কৰি চকীঘাটত উপস্থিত হয় ৷ চকীঘাটত জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা চকীঘাট দলঙৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও নিৰ্মাণ কাৰ্য চলি থকা গাইড বান্ধৰ কাম পৰিদৰ্শন কৰে ৷

মন্ত্ৰীজনে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জীয়া ভৰলী নদীৰ ওপৰত জি'অ টিউবৰ সলনি নতুন কাৰিকৰী পদ্ধতিৰে নিৰ্মাণ কাৰ্য চলি থকা গাইড বান্ধৰ কামো পৰিদৰ্শন কৰে ৷ ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই পদ্ধতিৰ সহায়ত গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সফল হ'ব পৰা যাব বুলি মন্তব্য কৰে ৷ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ লগত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷

চতিয়া সমষ্টিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা

বিধায়ক পদ্ম হাজৰিকাই মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনে চকীঘাটৰ থলুৱা যুৱকসকলক যথেষ্ট উৎসাহিত কৰাৰ লগতে চকীঘাট সৰ্বাংগসুন্দৰ হোৱাৰ দিশত ই এক আশাব্যঞ্জক খবৰ বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক : কিমিনক অসমৰ অংশ হিচাপে দেখুওৱাক লৈ অৰুনাচল প্ৰদেশত ব্যাপক প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.