গহপুৰ,২০ মে': ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি(Unchanged flood situation in Assam) । গহপুৰতো চত্ৰঙকে ধৰি বাকী নৈসমূহে লৈছে ভয়াবহ ৰূপ(Terrible form of floods in Gohpur) । উটুৱাই নিছে দলং, ভাঙিছে মথাউৰি । শনিবাৰে গহপুৰৰ বান-খহনীয়াৰ বুজ লবলৈ গহপুৰত উপস্থিত হয়গৈ ৰাজ্যৰ জলসম্পদ তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ।
![piyush hazarika attend review meeting at gohpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-21-m-pijush-hazarika-attend-review-meeting-at-ghopur-photo-scrpt-as10018_21052022154947_2105f_1653128387_688.jpg)
গহপুৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই জিলা প্ৰশাসনৰ সৈতে মিলিত হয় এক বৈঠকত । বিশ্বনাথৰ জিলাৰ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত হোৱা বৈঠকখনত জিলাখনৰ বান আৰু খহনীয়া পৰিস্থিতিৰ লগতে গহপুৰ সমষ্টিৰ বানৰ ক্ষয়ক্ষতিৰ সন্দৰ্ভত আলোচনা কৰা হয় । পৰ্যালোচনা বৈঠকখনত ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ লগতে ভঙা মথাউৰিসমূহ মেৰামতি কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
![piyush hazarika attend review meeting at gohpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-21-m-pijush-hazarika-attend-review-meeting-at-ghopur-photo-scrpt-as10018_21052022154947_2105f_1653128387_96.jpg)
পৰ্যালোচনা বৈঠকখনত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ সমষ্টি বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত, গহপুৰৰ মহকুমাধিপতিৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে । ইফালে গহপুৰত বানে ক্ষতিসাধন কৰা পৰিয়াল সমূহক খাদ্য, খোৱা পানীকে ধৰি প্ৰয়োজনীয় সাহায্য আৰু ভঙা মথাউৰিৰ মেৰামতি আদি ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক: বান-গৰাখহনীয়াৰ খবৰ লবলৈ গহপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা