গুৱাহাটী,29 এপ্ৰিলঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে প্ৰদান কৰা ইনফ্ৰাৰেড থাৰ্মেল স্কেনাৰ গুৱাহাটীৰ মুঠ ৩৫টা বাতৰি কাকত আৰু ইলেক্ট্ৰ’নিক মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানলৈ আগবঢ়োৱা হয় ৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ আঁত ধৰে প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায় আৰু সহ-সম্পাদিকা মনীষা কলিতাই ৷ অনুষ্ঠানত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ মহাপ্ৰবন্ধক পি কে কাকতীৰ উপৰিও বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷
লক্ ডাউন-2ঃ চতুৰ্দশ দিনটোত ক'ত কি ঘটিল ! - চতিয়াত জৰুৰীকালীন সেৱাত নিয়োজিত লোকৰ মাজত চেনিটাইজাৰ বিতৰণ
20:43 April 29
গুৱাহাটী প্ৰেছ ক্লাবত ইনফ্ৰাৰেড থাৰ্মেল স্কেনাৰ বিতৰণ
20:36 April 29
আৰ্তজনৰ কাষত বৰখলাৰ প্ৰাক্তন বিধায়িকা ৰুমী নাথ
শিলচৰ,29 এপ্ৰিলঃ কাছাৰৰ বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমী নাথে লক্ ডাউনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে আৰ্তজনৰ ওচৰত থিয় দিছে ৷ সমষ্টিটোৰ অন্তৰ্গত অসহায় লোকসকলক খাদ্য সামগ্ৰীৰ লগতে ছেনিটাইজাৰ,মাস্ক আদিৰ যোগান ধৰে প্ৰাক্তন বিধায়িকা গৰাকীয়ে ৷
19:49 April 29
লখিমপুৰত বিনামূলীয়া পাঠদান আছু নেতাৰ
লখিমপুৰ,29 এপ্ৰিলঃ পাঠদানৰ পৰা বঞ্চিত ছাত্র-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে লখিমপুৰ আঞ্চলিক ছাত্র সন্থাৰ সদস্যসকলে । উত্তৰ লক্ষীমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ গগৈৰ নেতৃত্বত এই পাঠদান আগবঢ়োৱা হয় । লক্ ডাউনৰ সময়তো ছাত্ৰ-ছাত্ৰীৰ ধাউতি অব্যাহত ৰাখিবলৈ আয়োজিত পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ গৱেষক ছাত্ৰ যোগেশ দিহিঙীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ গৱেষক ছাত্র কৰুণা গগৈ, বিজ্ঞান শিক্ষক জিতেন গোঁহাই, সঞ্জীৱ গোঁহাইয়ে ৷
17:56 April 29
চতিয়াত জৰুৰীকালীন সেৱাত নিয়োজিত লোকৰ মাজত চেনিটাইজাৰ বিতৰণ
চতিয়া,২৯ এপ্ৰিলঃ তেজপুৰস্থিত অগ্ৰণী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ৰক্তদাতা আৰু অনলাইন প্ৰতিষ্ঠান নেক্সটৰ উদ্যোগত জামুগুৰিহাটত জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষী, সাংবাদিকৰ লগতে বেংক কৰ্মচাৰী আৰু কিছুসংখ্যক সাধাৰণ লোকৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ সংগঠনটোৰ সম্পাদক পৱন কুমাৰ নাথৰ নেতৃত্বত সদস্যসকলে জৰুৰীকাসীন সেলাত নিয়োজিত লোকসকলক গামোচা পিন্ধাই উৎসাহিত কৰে ৷ উল্লেখ্যে যে,তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়ৰ ষ্টাফ নাৰ্চ অঞ্জলী প্ৰধানে দুমাহৰ মাহিলি দৰমহাৰ ধন ৰক্তদাতাৰ জৰিয়তে জৰুৰীকালীন সেৱাত নিয়োজিত লোকৰ বাবে আগবঢ়াই আহিছে ৷
17:25 April 29
ৰঙাপৰাত চৰকাৰী সাহায্য বিতৰণত কেলেংকাৰী
ৰঙাপৰা,29 এপ্ৰিলঃ ৰঙাপৰাৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১নং ৱাৰ্ডত চৰকাৰী সাহায্য প্ৰদানৰ নামত সংঘটিত কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন অঞ্চলটোৰ স্থানীয় ৰাইজৰ ৷ ৰেচন কাৰ্ডবিহীন লোকে চৰকাৰে আগবঢ়োৱা 1000 টকা লাভ নকৰাৰ বিপৰীতে কাৰ্ড থকা লোকে লাভ কৰিছে এই সাহায্য ৷ ক্ষুব্ধ ৰাইজে জিলা প্ৰশাসনক বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
15:34 April 29
তেজপুৰত আপছুৰ নেতৃত্ব সামগ্ৰী বিতৰণ
তেজপুৰ,২৯ এপ্ৰিলঃ অৰুণাচল প্ৰদেশ ছাত্ৰ সংগঠন চমুকৈ আপছুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীক অত্যাৱশ্যকীয় সা-সামগ্ৰী বিতৰণ । অৰুণাচলৰ নামচাইকে ধৰি ৰাজ্যখনত আবদ্ধ ৩২১ জন ছাত্র-ছাত্রীক খাদ্য সামগ্ৰী যোগানেৰে সহায় আগবঢ়ায় সংগঠনটোৱে ৷
15:00 April 29
বঢ়মপুৰৰ বিশেষভাৱে সক্ষম শিল্পীলৈ সাহায্য প্ৰদান
বঢ়মপুৰ,29 এপ্ৰিলঃ বঢ়মপুৰৰ অন্তৰ্গত কামপুৰৰ দুগৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ সাহায্য আগবঢ়ায় সমাজসেৱক সুৰেশ বৰাই ৷ শিল্পী দুজনক নগদ ধন আৰু খাদ্য সামগ্ৰীৰে সহায় আগবঢ়োৱাৰ লগতে অঞ্চলটোৰ একাংশ সাংবাদিকৰ মাজত চেনিটাইজাৰ,মাস্ক আদি বিতৰণ কৰে সমাজসেৱক গৰাকীয়ে ৷
11:53 April 29
ৰঙাপৰাত পথাৰতে গেলিছে তৰমুজ
ৰঙাপৰা,29 এপ্ৰিলঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নৈপৰীয়া ৰাইজৰ কৃষিভূমিত লক্ ডাউনৰ প্ৰভাৱ ৷ গাভৰু নদীৰ বালিচৰত উৎপাদিত তৰমুজ উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰি বৃহৎ লোকচানৰ সন্মুখীন কৃষকসকল । প্ৰায় ২২ বিঘা মাটিত খেতি কৰা তৰমুজ বিক্ৰীৰ অভাৱত পথাৰতে গেলি-পচি যোৱাত মুৰে-কপালে হাত দিছে কৃষকে ।
11:40 April 29
উত্তৰ গুৱাহাটীত পশুধনৰ খাদ্য সংকট
আমিনগাঁও,29 এপ্ৰিলঃ উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰৰ দুগ্ধ উৎপাদন কেন্দ্ৰত দেখা দিছে পশুধনৰ খাদ্য সংকটে ৷ সত্ৰৰ গো-পালকে চাহিদা অনুসৰি যোগান ধৰিব পৰা নাই প্ৰয়োজনীয় খাদ্য ৷ লক্ ডাউনৰ গইনা লৈ অসাধু ব্যৱসায়ীয়ে অধিক দামত বিক্ৰী কৰিছে পশু খাদ্য । প্ৰয়োজনীয় খাদ্যৰ অভাৱত হ্ৰাস পাইছে দুগ্ধ উৎপাদন । এইক্ষেত্ৰত চৰকাৰৰ নাই কোনো কাণসাৰ ৷
11:24 April 29
নলবাৰীত বিধায়কৰ খাদ্য সামগ্ৰী বিতৰণ
নলবাৰী,29 এপ্ৰিলঃ সৰ্ব সাধাৰণৰ মাজত দেখা দিয়া খাদ্য সংকটৰ প্ৰতি তৎপৰ ভূমিকা গ্ৰহণ নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ ৷ বিধায়ক গৰাকীয়ে জিলাখনৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম, সাৰথি শিশুগৃহ, গুৰুকৃপা বেদ বিদ্যালয়ৰ লগতে স্থানীয় বাতৰি কাকত বিতৰকসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ বিধায়ক অশোক শৰ্মাক এই কাৰ্যৰ বাবে ফুলাম গামোচাৰে আদৰণি জনায় চহৰখনৰ মাজমজিয়াস্থিত জাৰ্ণাল এম্প’ৰিয়ামৰ স্বত্বাধিকাৰী সুৰেণ বৈশ্যই ।
09:26 April 29
লক্ ডাউনৰ মাজতে বৰপেটাত অব্যাহত বাছ সেৱা
বৰপেটা,২৯ এপ্ৰিলঃ লক্ ডাউনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোক সকলক নিজ গৃহলৈ ওভোটাই অনাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে আন্তঃজিলা বাছ সেৱা ৷ বৰপেটাত শনিবাৰৰ পৰা দৈনিক প্ৰায় 20 খন বাছৰ সহায়ত আবদ্ধ লোকসকলক নিজ নিজ গৃহলৈ যোৱাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা হৈছে ৷ বৰপেটাৰ জিলা পৰিবহণ বিষয়া হিমাংশু দাসে তৎপৰতাৰে এই সকলোবোৰ দিশ তদাৰক কৰি আছে ৷ লগতে বাছ সমূহৰ চলাচলৰ ক্ষেত্ৰত সামাজিক দূৰত্ব, চেনিটাইজেচন, চাফ-চিকুণতা আদিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷