ETV Bharat / state

মূল্য বৃদ্ধিৰ বিৰুদ্ধে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 10:47 PM IST

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই পাভৈ পাঁচআলি চেন্টাৰৰ মাজ মজিয়াত প্ৰতিবাদীকাৰ্যসূচী ৰূপায়ন কৰে ৷

PAVI AASU PROTEST AGAINEST  PRICE HIKE
মূল্য বৃদ্ধিৰ বিৰুদ্ধে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

বিশ্বনাথ 7নৱেম্বৰঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জনসাধাৰণক জীয়াতু ভূগাইছে । শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই পাভৈ পাঁচআলি চেন্টাৰৰ মাজ মজিয়াত "ফণী আছে শুই বজাৰত লাগিছে জুই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মা গ' বেক, মূল্য বৃদ্ধি হ্ৰাস কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই হাই, গৃহ মন্ত্ৰী অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদীৰ কাম নাই, আলু-পিয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ কাম নাই" আদি শ্ল'গানেৰে কাঁহি বাটি বজাই মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ খনে অসমৰ জনসাধাৰণক চৰম প্ৰতাৰণা কৰিছে বুলি কয় । তেওঁ লগতে চৰকাৰ খনক সকীয়াই দিয়ে যে অনতিপলমে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ আৰু হ্ৰাস কৰিব নোৱাৰিলে ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তোলা হ’ব।

লগতে পঢ়কঃ বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.