ETV Bharat / state

Pathetic condition of BMH: চিকিৎসকৰ অভাৱত চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

author img

By

Published : Jan 23, 2023, 10:05 PM IST

চিকিৎসালয় আছে কেৱল নাই চিকিৎসকহে । সময়মতে ৰোগীয়ে লাভ নকৰে চিকিৎসা সেৱা ৷ যাৰ ফলত ৰোগীৰ জীৱনৰ প্ৰতি নামি আহে জীৱন হেৰুওৱাৰ আশাংকা ৷ ৰাজ্যত চিকিৎসকৰ অভাৱ থকা এনে বহু চিকিৎসালয় আছে ৷ তেনে এখন চিকিৎসালয় হৈছে বৰগাং আদৰ্শ চিকিৎসালয় ।

Lack of doctors in Beahali Borgang Model Hospital
বৰগাং আদৰ্শ চিকিৎসালয়ত নাই চিকিৎসক
বৰগাং আদৰ্শ চিকিৎসালয়ত নাই চিকিৎসক

বিশ্বনাথ, 23 জানুৱাৰী: ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় নিৰ্মাণ কৰি স্বাস্থ্যখণ্ডৰ উন্নতিৰ যিদৰে জয়গান গাই আহিছে, তাৰ বিপৰীতে ৰাজ্যৰ একাংশ চিকিৎসালয়ৰ শোচনীয় অৱস্থাই স্বাস্থ্যখণ্ডৰ উন্নয়নৰ আন এখন ছবিহে প্ৰতিফলিত কৰা পৰিলক্ষিত হৈছে । কিয়নো ৰাজ্যৰ বহু স্থানত এতিয়াও চিকিৎসক আৰু চিকিৎসালয়ৰ অভাৱত ৰোগীয়ে মৃত্যুক সাৱতি ল’ব লগীয়া ঘটনা সংঘটিত হৈ আছে (Shortage of medical facilities in Assam) ৷

ৰাজ্যৰ প্ৰতিখন জিলাতে আছে একোখনকৈ অসামৰিক চিকিৎসালয় ৷ কিন্তু এই অসামৰিক চিকিৎসালয়সমূহৰ অধিকাংশতেই নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক কিম্বা চিকিৎসাকৰ্মী । যাৰ কু-ফল ভোগ কৰিবলগীয়া হয় সাধাৰণ জনতাই ৷ সু চিকিৎসা ব্যৱস্থাৰ অভাৱতে ৰাজ্যত বিভিন্ন সময়ত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ এনে ঘটনাৰ বহু উদাহৰণ প্ৰায়েই দেখিবলৈ পোৱা যায় ৷ তেনে এখন চিকিৎসালয় হৈছে বিহালী সমষ্টিৰ বৰগাং আদৰ্শ চিকিৎসালয় ৷

'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল' এই বাক্যশাৰীয়েই যেন আখৰে আখৰে পালন হৈছে বৰগাং আদৰ্শ চিকিৎসালয়ৰ ক্ষেত্ৰত (Behali Borgang Model Hospital) ৷ ৰাজ্যৰ চৰকাৰে চিকিৎসালয় বনাইছে ঠিকেই ৷ কিন্তু চিকিৎসালয়ত যে, চিকিৎসকো লাগে সেই কথা হয়তো পাহৰি গৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ এইখন চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা আছে যদিও ৰোগীৰ চিকিৎসা কৰিবলৈ সময়মতে নাথাকে এজনো চিকিৎসক ৷ যাৰ ফলত বিভিন্ন সময়ত ৰোগীয়ে নাপাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা ৷ ৰোগীৰ জীৱনৰ এক প্ৰকাৰে ভাবুকি কঢ়িয়াই আনে ৷

১২ বজাৰ পিছত কোনো এজন চিকিৎসক নাথাকে চিকিৎসালয়খনত ৷ বিশেষকৈ নিশা চিকিৎসক নথকাৰ বাবে ৰোগীসকলে সন্মুখীন হ’ব লগা হয় বহু সমস্যাৰ (Pathetic condition of BMH) ৷ জৰুৰীকালীন অৱস্থাত ৰোগীয় নাপাই চিকিৎসা ৷ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ কেৱল ইমানেই নহয়, বহু সময়ত পৰ্যাপ্ত চিকিৎসাৰ অভাৱত বহু লোক মৃত্যুৰ মুখতো পৰিছে ৷ এয়া আমি কোৱা কথা নহয়, এয়া ৰোগীৰ আত্মীয়ৰ অভিযোগ ৷

আনহাতে ২৩ জানুৱাৰী দিনটোত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ অজুহাত লৈ অন্য দিনাৰ দৰে দিনৰ ১২ বজাৰ পিছত সকলো চিকিৎসক ঘৰমুৱা হয় (Borgang Model Hospital in Behali) ৷ ইফালে কোনো এজন চিকিৎসক চিকিৎসালয়খনত উপস্থিত নথকাত ৰোগীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় । কেইবাজনো ৰোগী বহু সময় ধৰি চিকিৎসালয়খনত চিকিৎসকৰ বাট চাই অৱশেষত ঘৰমুৱা হয় ৷

ইফালে স্থানীয় ৰাইজে চিকিৎসালয়খনত চিকিৎসক অনুপস্থিত আৰু চিকিৎসকৰ অভাৱৰ কথা বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক অৱগত কৰিছে ৷ কিন্তু ৰাইজৰ অভিযোগৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ বিৰুদ্ধে । এতিয়া প্ৰশ্ন হয়, এই যে অসুবিধাবোৰ হৈ আছে চিকিৎসালয়বোৰত পৰ্যাপ্ত চিকিৎসক নথকা কিম্বা চিকিৎসা সেৱা শোচনীয়া অৱস্থা এইবোৰৰ বিষয়ে কোনো খবৰ ৰাখিছে নে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই ? সেয়া এক ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক: RNB Civil Hospital in Kokrajhar: নাম সলনি হ’লেও পূৰ্বৰ স্থানতেই থাকিব ৰূপনাথ ব্ৰক্ষ্ম চিভিল হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.