ETV Bharat / state

Passenger beaten up taxi driver: গাড়ী ভাড়ালৈ নি নিৰ্জন ঠাইত প্ৰহাৰ চালকক

author img

By

Published : May 27, 2022, 8:50 PM IST

ভাড়া গাড়ীৰ চালকক প্ৰহাৰ যাত্ৰীৰ ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালক ৷ বিশ্বনাথৰ গহপুৰত সংঘটিত হৈছে এই ঘটনা (Passenger beaten up taxi driver at Gohpur)৷

Car driver attacked at Gohpur
গাড়ী ভাড়ালৈ নি নিৰ্জন ঠাইত প্ৰহাৰ চালকক

বিহালী, ২৭ মে’: গাড়ী ভাড়া কৰি নিৰ্জন ঠাইত চালকক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে গহপুৰত ৷ চাৰি যুৱক-যুৱতীয়ে গুৱাহাটীৰ পৰা গহপুৰলৈ বুলি ভাড়া কৰি অনা গাড়ীৰ চালকক প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ৷ ঘটনাটো সংঘটিত হৈছে গহপুৰৰ ব্ৰহ্মাজানত(Passenger beaten up taxi driver at Gohpur) ৷

ঘটনা অনুসৰি গুৱাহাটীৰ পৰা AS01 KC0903 নম্বৰৰ এখন চুইফ্ট ডিজায়াৰ বাহন গহপুৰলৈ বুলি ভাড়া কৰি আনিছিল চাৰি যুৱক-যুৱতীয়ে ৷ কিন্তু চালক সুশান্ত দাসৰ অভিযোগ অনুসৰি যুৱক-যুৱতী কেইগৰাকীয়ে গন্তব্য স্থান পোৱাৰ আগতেই গাড়ীখন ডিমাপুৰলৈ লৈ যাব লাগে বুলি দাবী ধমকি দিয়ে । কিন্তু চালক সুশান্ত দাসে ডিমাপুৰলৈ যাবলৈ অমান্তি হয় ৷ ফলত চালকগৰাকীক নিৰ্জনতাৰ সুযোগ লৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি এটা নলাত পেলোৱাৰ চেষ্টা কৰে । সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰিছিল এজন স্থানীয় ব্যক্তিয়ে ।

পৰৱৰ্তী সময়ত উক্ত স্থানত স্থানীয় লোক উপস্থিত হোৱাৰ পাছতে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে যুৱক-যুৱতীকেইগৰাকীক থানালৈ লৈ যোৱাৰ লগতে চালকজনক উদ্ধাৰ কৰে (Police rescue driver) ৷ চালকজনে অভিযোগ কৰা অনুসৰি যাত্ৰপাথত তেওঁক বহুবাৰ মদ্যপান কৰিবলৈ জোৰ কৰিছিল যুৱক-যুৱতীকেইগৰাকীয়ে (Forced to drink) ৷

আনহাতে যুৱক-যুৱতী কেইগৰাকীয়েও চালকৰ বিৰুদ্ধে উত্থাপন কৰে অভিযোগ (Youth also raised allegations against driver) ৷ এগৰাকী যুৱতীক শৰীত হাত দিয়াৰ বাবেই চালকগৰাকীক মাৰপিট কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.