বিশ্বনাথ, ৯ জুলাই : বিশ্বনাথত আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি । বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইন্টত আৰক্ষীৰ (POLICE) সৈতে বাক যুদ্ধত লিপ্ত হয় বিশ্বনাথৰে দেৱজিৎ দাস নামৰ যুৱকজন । বিশ্বনাথৰ (BISWANATH) যান-বাহন আৰক্ষীয়ে ক’ভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয় । আৰক্ষীৰ দলটোৱে যুৱকজনে মুখত মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাত যুৱক জন আৰক্ষীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ মই ক’ৰণা নামানো বুলি কয় ।
ইফালে পুনৰ আৰক্ষীৰ দলটোৱে দেৱজিৎ নামৰ যুৱক জনৰ মটৰ চাইকেলৰ নথি পত্ৰ বিচৰাৰ লগতে হেলমেট নিপিন্ধাৰ সন্দৰ্ভত প্ৰশ্ন কৰে ৷ কিন্তু আৰক্ষীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হৈ হঠাৎ যুৱকজনে পাকিস্তান জিন্দাবাদ (Pakistan Zindabad), নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তব্যৰত আৰক্ষী দলটোৱে । লগতে যুৱকজনে ওলোটাই ট্ৰেফিক আৰক্ষীক প্ৰত্যাহ্বান জনাই কয় যে, SP ক জনাম, DC ক জনাম i don't care ৷
আনহাতে, পাকিস্তান জিন্দাবাদ দি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কৰা দেৱজিৎক আৰক্ষীয়ে গাড়ীত বহিবলৈ কয় যদিও আৰক্ষীৰ গাড়ীত নবহো বুলি কৈ ওলোটাই আৰক্ষীক গালি গালাজ কৰে যুৱকজনে ৷ পিছত আৰক্ষীয়ে ঠেলি হেচি গাড়ীত উঠাই থানালৈ লৈ যায় যুৱকজনক ৷
ইফালে এই দেবজিৎ নামৰ যুৱক জনৰ পৰিয়ালে তেওঁ বহু দিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে বুলি জানিবলৈ দিয়ে মাতৃয়ে ৷ ইতিমধ্যে কৰ্কট ৰোগত আক্ৰান্ত যুৱকজন বিশ্বনাথ আৰক্ষী থানাৰ জিম্মাতে আছে । পৰৱৰ্তী সময়তহে আৰক্ষীয়ে যুৱকজনে সংঘটিত কৰা এই ঘটনা উদ্দেশ্য প্ৰণোদিত আছিল নে মানসিক ভাৰসাম্য হেৰুৱাৰ বাবেহে যুৱকজনে এনে আচৰণ কৰিলে সেয়া তদন্ত স্পষ্ট হ'ব । সঁচাকৈয়ে যুৱকজনে যদি এনে মন্তব্য কৰিছিল তাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব লৈ দিছে আৰক্ষীৰ এক বিশেষ সূত্ৰই ৷
লগতে পঢ়ক : চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?