ETV Bharat / state

জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত বিশ্বনাথৰ পাভৈৰ দিৰিং পথাৰৰ সমন্বয় ক্ষেত্ৰ - ড' সমুজ্জল কুমাৰ ভট্টাচাৰ্য

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত বিশ্বনাথৰ পাভৈৰ দিৰিং পথাৰৰ সমন্বয় ক্ষেত্ৰ ৷ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পাভৈৰ দিৰিং পথাৰ সমন্বয় ক্ষেত্ৰত 'সমন্বয়ৰ দিন' উদযাপন কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ৷ উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড' সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷

জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত বিশ্বনাথৰ পাভৈৰ দিৰিং পথাৰৰ সমন্বয় ক্ষেত্ৰ

author img

By

Published : Nov 6, 2021, 10:07 PM IST

বিশ্বনাথ, ৬ নবেম্বৰ : অসম গৌৰৱ, সুধা কণ্ঠ, ড৹ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী পাভৈৰ দিৰিং পথাৰ সমন্বয় ক্ষেত্ৰত 'সমন্বয়ৰ দিন' উদযাপন কৰা হয় । পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধূলি শাখা ছাত্ৰ সন্থা, বৃহত্তৰ ধূলি দিৰিংবাসীৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা সমন্বয়ৰ দিনৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" বিভিন্ন ভাষাত পৰিবেশন কৰা হয় ।

pabhoi aasu organizes cultural event in memory of dr bhupen hazarika
জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত বিশ্বনাথৰ পাভৈৰ দিৰিং পথাৰৰ সমন্বয় ক্ষেত্ৰ

পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰী গঢ়াৰ প্ৰয়াসেৰে বড়ো, কাৰ্বি, চাহ জনজাতি, আদিবাসী, উড়িয়া, নেপালী, মুণ্ডা, গাৰো, চাওতালী, প্ৰজা, ভোজপুৰী, আৰু বাংলা ভাষাত "মানুহে মানুহৰ বাবে " শীৰ্ষক গীতটি পৰিবেশন কৰাত ধূলিৰ দিৰিং সমন্বয় ক্ষেত্ৰ এক মিলনভূমিত পৰিণত হয় । ইয়াৰ পূৰ্বে শনিবাৰে পুৱা ড' ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড' সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰ নেতা তথা বিষয়ববীয়া সকল । অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ জীৱনৰাজিৰ ওপৰত তত্ব গধূৰ ভাষণ আগবঢ়ায় ।

যিটো সময়ত দুষ্ট চক্ৰই জাতি জনগোষ্ঠী সমূহক ভাগ ভাগ কৰিব বিচাৰিছে তেনে সময়তে সমন্বয়ৰ দিন উদযাপন কৰি সকলোকে একতাৰ এনাজৰীৰে বান্ধিব খোজা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বলিষ্ঠ পদক্ষেপক শলাগ লয় আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ।

ইফালে, শুকুৰবাৰৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-০০ বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পুৱ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী অৰুণ ভিগনেছে । ইয়াৰ পিছতে সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী সহদেৱ কুৰ্মী, চাউল নাগ, কল্যাণ পুৰ্তি, গগন নাগ, মন্টু ভূমিজ আৰু বিশ্বনাথ আৰবিক মহাবিদ্যালয়ৰ প্ৰবক্তা ছাইফুদ্দিন আহমেদে । সন্ধিয়া সন্থাৰ সাংগঠনিক শ্বহীদ অভিজিত শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শ্বহীদ অভিজিত শইকীয়াৰ পিতৃ প্ৰদীপ শইকীয়াই ।

লগতে পঢ়ক : বিজেপি মন্ত্ৰী-বিধায়ক শূন্য হ’ব অসম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.