বিশ্বনাথ, 29 আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত এতিয়া মাথো এদিন ৷ যোৱা 31 জুলাইতে প্ৰকাশৰ কথা থকা এন আৰ চিৰ প্ৰকাশৰ দিন উচ্চতম ন্যায়ালয়ে ৩১ আগষ্টতলৈ পিছুৱাই দিছিল ৷ এন আৰ চিৰ প্ৰথম তালিকাৰ পৰা ৰাজ্যত বহু লাখ লোকৰ নাম বাদ পৰাত কৰ্তৃপক্ষই ৰাইজক পুনৰ আবেদনৰ বাবে সুবিধা প্ৰদান কৰিছিল যাৰ ফলস্বৰূপে বিভিন্ন লোকে দাখিল কৰা আবেদন আৰু নমুনা পুনৰীক্ষণৰ বাবে শুনানি অব্যাহত আছিল ৷ কিন্তু 28 আগষ্টতে সমাপ্ত হব লগা এই শুনানি বিশ্বনাথৰ একাংশ সেৱা কেন্দ্ৰত এতিয়াও অব্যাহত থকাত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন ৷
বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিৰ সাকোমঠা উন্নয়ন খণ্ড প্ৰাংগণত থকা এন আৰ চি সেৱা কেন্দ্ৰত পুৱাই বহু ভুক্তভোগী মহিলাই উপস্থিত হৈ সেৱা কেন্দ্ৰৰ কৰ্মচাৰী সকলৰ ওচৰত নিজৰ শুনানি দিয়ে ৷ শুনানি দিয়াৰ পাছত, নাম কৰ্তনৰ ভয়ত এতিয়া শংকিত হৈ পৰিছে বহু ভুক্তভোগী ৷ চূড়ান্ত তালিকা প্ৰকাশৰ এদিন আগত শুনানি লোৱা এইসকল লোকৰ নাম এন আৰ চিত কি দৰে অন্তৰ্ভুক্ত হ'ব তাক লৈ এতিয়া চিন্তিত লোকসকল ৷ ইফালে এই সন্দৰ্ভত এন আৰ চি বিষয়া পৰা জানিব বিচৰাত তেঁও মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ সমগ্ৰ ঘটনাটোক বিশ্বনাথ আমছুৱে এক নাটক আখ্যা দিয়াৰ লগতে এইয়া এক ষড়যন্ত্ৰ বুলি প্ৰকাশ কৰে ৷