ETV Bharat / state

হেলেমত নতুন ৰাজহ চক্ৰ বিষয়াৰ মত বিনিময়

author img

By

Published : Jul 10, 2021, 9:35 AM IST

শুকুৰবাৰে সাংবাদিকৰ সৈতে মত বিনিময় কৰে হেলেমৰ নৱনিযুক্ত ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰাই ৷ এই মত বিনিময় অনুষ্ঠানত বিষয়াগৰাকীয়ে গ্ৰহণ কৰিবলগীয়া কেতবোৰ নতুন পদক্ষেপৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে ৷

as_biswanath_807_9_july_helem_circle officer_photo_scrpt_as10018
সাংবাদিকৰে মত বিনিময় হেলেমৰ নতুন ৰাজহ চক্ৰ বিষয়াৰ

বিশ্বনাথ, 10 জুলাই : বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ (Gahpur sub division) অন্তৰ্গত হেলেম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়া (Circle officer) হিচাপে যোগদান কৰিছে লুকুমণি বৰাই ৷ শুকুৰবাৰে সাংবাদিকৰে মত বিনিময় কৰিলে গহপুৰৰ নৱ নিযুক্ত ৰাজহ চক্ৰ বিষয়া (Circle officer)গৰাকীয়ে ৷ ৰাইজৰ আবেদনক আন্তৰিকতাৰে লৈ খৰতকীয়াকৈ কাম কৰাত গুৰুত্ব প্ৰদান কৰা হ’ব সাংবাদিকক অৱগত কৰে নৱ নিযুক্ত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৷

চক্ৰ বিষয়াগৰাকীয়ে কয় যে, হেলেম ৰাজহ চক্ৰ (Helem Circle) এলেকাৰ ইতিহাস প্ৰসিদ্ধ ঠাইসমূহক সমল হিচাপে লৈ এক লিখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰি বৃহত্তৰ অঞ্চলটোৰ ঐতিহাসিক স্থান আৰু কৃতিচিহ্নসমূহৰ তাৎপৰ্যৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিব । পৰিস্থিতি অনুসৰি অনলাইন বা অফলাইন পদ্ধতিৰে এই লিখনি প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে ৷ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক ১৫ আগষ্ট নতুবা ২৬ জানুৱাৰীত পুৰস্কৃত কৰা হ’ব ৷

কেৱল লিখনি প্ৰতিযোগিতাই নহয় মাজে সময়ে কাব্য-সাহিত্য চৰ্চা, কুইজ, চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে চক্ৰ বিষয়া লুকুমণি বৰাই । নৱ নিযুক্ত ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰাৰ এই ইতিবাচক আৰু গঠনমূলক চিন্তাক আন্তৰিকতাৰে আদৰণি জনায় উপস্থিত সাংবাদিকসকলে ৷ লগতে এনেধৰণৰ গঠনমূলক কামত গহপুৰ জিলা সাংবাদিক সন্থাই সম্পূৰ্ণৰূপে সহায় আৰু সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ।

প্ৰতিটো বিষয়বস্তুক গুৰুত্ব সহকাৰে লৈ নৱ নিযুক্ত ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰাই কয় যে, কোনো সংকোচ নকৰাকৈ তেওঁৰ কাৰ্যালয়ৰ কোঠালৈ আহিব পাৰিব প্ৰতিগৰাকী আবেদনকাৰী । কাৰ্যালয়টোত যোগদান কৰিয়েই তেওঁ গ্ৰহণ কৰিব বিচৰা ইতিবাচক পদক্ষেপসমূহক গহপুৰ জিলা সাংবাদিক সন্থাই আদৰণি জনায় । নবাগত বিষয়াগৰাকীক উক্ত অনুষ্ঠানৰ জৰিয়তে গহপুৰ জিলা সাংবাদিক সন্থাই এখন ফুলাম গামোচাৰে সম্ভাষণ জনায় ।

লগতে পঢ়ক- কাজিৰঙাত দুই ঢেকীয়াপতীয়াৰ জলকেলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.