চতিয়া,21 ফেব্ৰুৱাৰী: মৰহি যাব ধৰা অসমীয়া চিনেমা উদ্যোগটো পুনৰ ঠন ধৰি উঠিছে ৷ চিনেমা প্ৰেমী লোকসকল পুনৰ আগবাঢ়ি আহিছে নতুন নতুন বিষয়বস্তু লৈ ৷ বৰ্তমানৰ দৰ্শকৰ প্ৰতি লক্ষ্য ৰাখি বহুতো আকৰ্ষণীয় বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে চিনেমা ৷
বহু বিৰতিৰ অন্তত শেহতীয়াকৈ কেইবাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছে ৷ ক’ভিড অতিমাৰীয়ে জুৰুলা কৰা মানুহৰ মনটোক অলপ উৎফুল্লিত কৰি তুলিবলৈ অতি শীঘ্ৰেই আৰু এখন অসমীয়া ছবি আহি আছে নাম 'ৰাইন’ এক্সপ্ৰেছ' (Rhino express will hit the theatre on 4th march) ৷
'ৰাইন’ এক্সপ্ৰেছ' এখন হাস্যমধুৰ বোলছবি ৷ ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, উদয়ন দুৱৰা, অমৃতা গগৈ, বিবেক বৰাকে আদি কৰি কেইবাজনো জনপ্ৰিয় শিল্পীয়ে ৷ চিনেমাখনৰ প্ৰথম প্ৰচাৰৰ বাবে জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত উপস্থিত হয় বোলছবিখনৰ লগত জড়িত কলা কুশলী সকল ৷
ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত “ৰাইন’ এক্সপ্ৰেছ” টীমে লাভ কৰিলে বিপুল সঁহাৰি ৷ প্ৰচাৰৰ মাজতেই চিনেমাখনৰ এটি প্ৰম’চনেল গীত আৰু এখন পোষ্টাৰো উন্মোচন কৰা হয় ৷ ছবিখনক লৈ যথেষ্ট আশাবাদী অভিনেতা অভিনেত্ৰী সকল ৷ অহা 4 মাৰ্চত ৰাজ্যখনৰ বহুকেইটা চিত্ৰগৃহত মুক্তি লাভ কৰিব ছবিখনে ৷
লগতে পঢ়ক: বিক্ৰান্ত মেছি শীতল ঠাকুৰৰ অনুষ্টুপীয়া বিবাহ অনুষ্ঠানৰ কেইখনমান ফটো