ETV Bharat / state

বিহালীত কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ ৰঞ্জিত দত্তৰ

author img

By

Published : Feb 25, 2021, 1:05 PM IST

অসম চৰকাৰে প্ৰতিটো সমষ্টিতে দুখনকৈ আদৰ্শ গাঁৱত বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে গাঁৱৰ সামগ্ৰীক পৰিৱেশ আগুৱাই নিবলৈ ৫ কোটি টকা আৱণ্টন কৰিছিল ৷ তাৰ অংশ হিচাপে ইতিমধ্যে বিহালীৰ আন এখন আদৰ্শ গাওঁ ৰাংছালীত মন্ত্ৰী ৰঞ্জিত দত্তই আধাৰশিলা স্থাপন কৰে ৷

বিহালীত কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ ৰঞ্জিত দত্তৰ
বিহালীত কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ ৰঞ্জিত দত্তৰ

বিশ্বনাথ,25 ফেব্ৰুৱাৰী: নিৰ্বাচনৰ পূৰ্বে কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ । সমষ্টিটোত পুলিচুমণি আদৰ্শ গাঁৱৰ ৪ টাকৈ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে । উল্লেখযোগ্য যে, অসম চৰকাৰে প্ৰতিটো সমষ্টিতে দুখনকৈ আদৰ্শ গাঁৱত বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে গাঁৱৰ সামগ্ৰীক পৰিৱেশ আগুৱাই নিবলৈ ৫ কোটি টকা আৱণ্টন দিছিল ৷ তাৰ অংশ হিচাপে ইতিমধ্যে বিহালীৰ আন এখন আদৰ্শ গাওঁ ৰাংছালীত মন্ত্ৰী ৰঞ্জিত দত্তই আধাৰশিলা স্থাপন কৰে ।

ইফালে, আন এখন আদৰ্শ গাওঁ পুলিচুমণি গাওঁখনৰ সামগ্ৰিক অৰ্থাৎ সামাজিক তথা অৰ্থনৈতিক বিকাশৰ জৰিয়তে আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ সংকল্প লৈ বুধবাৰে কেইবাটাও কামৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । ইয়াৰ দ্বাৰা গাঁৱবাসীয়ে লাভ কৰিব সকলো অনাময়ৰ সা-সুবিধা, পথ, নলা-নৰ্দমা, বিদ্যুৎ, খোৱা পানী, বিদ্যালয়, স্বাস্থ্য সেৱা প্ৰতিষ্ঠান নিৰ্মাণৰ লেখীয়া উন্নতমানৰ ৰাজহুৱা সেৱা ৷ লগতে বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰিবলৈ সুবিধা লাভ কৰিব ।

ইফালে আদৰ্শ গাৱঁৰ আধাৰশিলা স্থাপনৰ পাছতে মন্ত্ৰীগৰাকীয়ে খৰাশিমলু আৰু মিজিকা গাঁও পঞ্চায়তত 'অসম দৰ্শন' আচঁনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া সৰ্বমুঠ ১৪ টা নামঘৰৰ আধাৰশিলা স্থাপন কৰে । লগতে বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ অধীনত বাপুজাৰ(গেৰেকী)ত আৰ,চি,চি, চেল্ব কালভাৰ্ট (আৱন্টিত পুঁজি:১০,০০,০০০.০০টকা) কামৰ আধাৰশিলা স্থাপন কৰে ৷

লগতে পঢ়ক: বটদ্ৰৱাত আবতৰীয়া দীপাৱলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.