ETV Bharat / state

বিশ্বনাথত গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ, গহপুৰতো বিতৰণ কৰিলে বিধায়ক উৎপল বৰাই

author img

By

Published : Jun 23, 2020, 3:03 AM IST

মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত বিহালী আৰু বাঘমৰা উন্নয়ন খণ্ডৰ মুঠ পঞ্চাশ গৰাকী গাঁওবুঢ়াক একোটাকৈ স্মাৰ্ট ফোন প্ৰদান কৰে । গহপুৰ মহকুমাটো আজি মুঠ ৭৭ গৰাকী গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ কৰা হয় ।

বিশ্বনাথত গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ
বিশ্বনাথত গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ

বিশ্বনাথ ২২ জুনঃ গাঁও আৰু চৰকাৰৰ সংযোগ সেতু সদৃশ গাঁওবুঢ়া সকলক দ্ৰুত যোগাযোগৰ সুবিধাৰ্থে স্মাৰ্ট ফোন প্ৰদানৰ এক আনুষ্ঠানিক কাৰ্যসূচীৰ সোমবাৰে বিশ্বনাথত শুভাৰম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই । অসম চৰকাৰৰ ৰাজহ বিভাগে আগবঢ়োৱা এই স্মাৰ্ট ফোন বিতৰণ কৰি মন্ত্ৰী দত্তই সাম্প্ৰতিক দ্ৰুত যোগাযোগৰ দিশত গাঁওবুঢ়া সকল আৰু এখোজ আগুৱাই গৈছে বুলি মন্তব্য কৰে ।

স্মাৰ্ট ফোন বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ
স্মাৰ্ট ফোন বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা স্মাৰ্ট ফোন প্ৰদান কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত বিহালী আৰু বাঘমৰা উন্নয়ন খণ্ডৰ মুঠ পঞ্চাশ গৰাকী গাঁওবুঢ়াক একোটাকৈ স্মাৰ্ট ফোন প্ৰদান কৰে ।

বিশ্বনাথত গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ
বিশ্বনাথত গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ

এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, জিলাখনৰ নিৰ্বাচনী বিষয়া তথা বিহালী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া আবুল কালাম, সদৌ অসম গাঁওবুঢ়া সন্থাৰ সাংগঠনিক সম্পাদক পংকু বৰা, বিশ্বনাথ জিলা সমিতিৰ সভাপতি ৰামনাথ টেৰন, সম্পাদক ৰাধেশ্যাম গোৱালা প্ৰমুখ্যে বিষয়ববীয়া সকল ৷ স্মাৰ্ট ফোন প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে ইয়াৰ সদ্ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গাঁওবুঢ়া সকলৰ অন্যান্য সমস্যা আৰু সা-সুবিধা সমুহ প্ৰদান কৰিবলৈও চৰকাৰৰ ফালৰ পৰা প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি প্ৰকাশ কৰে । উল্লেখ্য যে বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত থকা মুঠ ৯৬ গৰাকী গাওঁবুঢ়াক পৰ্য্যায়ক্ৰমে স্মাৰ্ট ফোন প্ৰদান কৰা হ'ব ৷

গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

সমান্তৰালকৈ জিলাখনৰ গহপুৰ মহকুমাটো আজি মুঠ ৭৭ গৰাকী গাঁওবুঢ়াক স্মাৰ্ট ফোন বিতৰণ কৰা হয় । গহপুৰৰ কনকলতা ভৱনত অনুষ্ঠিত বিতৰণৰ কাৰ্যসূচীত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই মহকুমাটোৰ অন্তৰ্গত হেলেম ৰাজহ চক্ৰৰ ৪৪ গৰাকী আৰু গহপুৰ ৰাজহ চক্ৰৰ ৩৩ গৰাকী গাঁওবুঢ়াক একোটাকৈ স্মাৰ্ট ফোন প্ৰদান কৰে । এই কাৰ্যসূচীত উপস্থিত থাকে হপুৰৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহ, হেলেম আৰু গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ক্ৰমে কুলদীপ হাজৰিকা আৰু মনীষা নাথ, গাঁওবুঢ়া আৰু লাট মণ্ডল সকল ৷

বিশ্বনাথত গাওঁবুঢ়াক স্মাৰ্ট ফোন বিতৰণ
গহপুৰতো বিতৰণ কাৰ্যসূচী

প্ৰনিধানযোগ্য যে, বিশ্বনাথ জিলাত মুঠ ২১৭ গৰাকী গাঁওবুঢ়া আছে আৰু চৰকাৰী এই আঁচনিৰ দ্বাৰা সকলো গাঁওবুঢ়াকে পৰ্য্যায়ক্ৰমে সামৰি লোৱা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ অসহায় মহিলাক যৌন নিৰ্যাতন গাঁওবুঢ়াৰ, cctvত আবদ্ধ হ'ল ভিডিঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.