চতিয়া, 22 ফেব্ৰুৱাৰীঃ থলুৱা যুৱকৰ শ্বেত-বিপ্লৱৰ প্ৰচেষ্টাক তৰান্বিত কৰাৰ বাবে সহায়ৰ হাত আগবঢ়ালে বিধায়ক পদ্ম হাজৰিকাই ৷ চতিয়াত গো-পালন কৰি গাখীৰ উৎপাদনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবেই যুৱকসকলক উৎসাহিত কৰি এক কৰ্মমুখী জীৱন যাতে অতিবাহিত কৰিব পাৰে সেই উদ্দেশ্যৰেই শুকুৰবাৰে বহি:ৰাজ্যৰ পৰা আমদানি কৰি অনা উন্নত প্ৰজাতিৰ গাইগৰু অৰ্পণ কৰে বিধায়কগৰাকীয়ে ৷ ‘কন্যকা’ নামৰ এটা ব্ৰেণ্ডৰ জৰিয়তে গাখীৰৰ উপৰিও মাছ,মাংস,জাতীয় সাজপাৰ,শাক-পাচলিকে ধৰি বজাৰৰ সদা প্ৰয়োজনীয় সকলো ধৰণৰ বস্তুৰে যাতে থলুৱাই দখল কৰিব পাৰে তাৰ আশা প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
নিজস্ব স্বাৱলম্বীতাৰ বলতে থলুৱা যুৱকে যাতে এখোজ আগুৱাই নিজক প্ৰতিষ্ঠিত কৰিব পাৰে তাকেই উৎসাহিত কৰাৰ বাবে বিধায়কগৰাকীয়ে এই গাই গৰু প্ৰদান কৰাৰ কথা উল্লেখ কৰে৷ আনহাতে এনেদৰে বিধায়কে গো-পালনৰ বাবে গাইগৰু প্ৰদান কৰাৰ লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে গোটসমূহৰ যুৱকসকল ৷ ইয়াৰ জৰিয়তে সদস্যসকলৰ মুখত এক আশাৰ ৰেঙণি দেখিবলৈ পোৱা গৈছে ৷