বিশ্বনাথ, 15 আগষ্ট : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ ইটোৰ পিচত সিটোকৈ নাৰীজনিত অপৰাধৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ শোণিতপুৰ জিলাৰ জপৌবাৰী মঙলবাৰে পুৱা এগৰাকী মহিলা সহ দুই সন্তানৰ মৃতদেহ উদ্ধাৰ হয় ৷
এই ঘটনাৰ পোহৰলৈ অহাৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষীৰ এটা দল । প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰ সন্ধিয়াৰে পৰা দুই সন্তানসহ নিৰুদ্দেশ হৈ আছিল বিশ্বনাথ চাৰিআলি জপৌবাৰী গাৱঁৰ মৃণালী ওৰাং নামৰ মহিলাগৰাকী ৷ তাৰ পিচৰে পৰাই নিশা পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে মহিলাগৰাকীক বিচাৰি পৰিয়ালৰ লোক ঘৰত খা খবৰ কৰিছিল যদিও কোনো অনুসন্ধান পোৱা নাছিল ৷
ঘটনাৰ বিৱৰণী অনুসৰি মহিলাগৰাকীৰ শাহুৱেকে কয় যে, সোমবাৰে দুই সন্তানসহ মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহিছিল ৷ তাৰ পিচৰে পৰা মহিলাগৰাকী ঘৰলৈ উভতি অহা নাছিল ৷ বিয়লি মহিলাগৰাকীৰ স্বামী ঘৰলৈ আহি বিচাৰ খোচাৰ কৰাত পত্নীসহ সন্তানকেইটা নাপায় ওচৰৰ লোকৰ লগতে পৰিয়ালৰ লোকৰ ঘৰত খা-খবৰ কৰে ৷
তাৰ পিচতে মঙলবাৰে পুৱা মহিলাগৰাকীৰ বাসগৃহৰ সমীপৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহ। ইফালে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ পিচতে পুখুৰীটোৰ পৰা দুই সন্তানৰো মৃতদেহ উদ্ধাৰ হয় ৷ মাতৃৰ কাষৰতে দুয়োটা সন্তানৰে মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷
এই ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাৰ পিচতে এতিয়া ঘটনা হত্যা নে আত্মহত্যা এতিয়ালৈকে হোৱা নাই স্পষ্ট হোৱা নাই । ঘটনাস্থলীত বিশ্বনাথ চাৰিআলি আৰক্ষী এটা দল উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: Cachar Madrassa Hostel case: মাদ্ৰাছাৰ শিক্ষক হাফিজ মুকচিন ৰহমান খানক গ্ৰেপ্তাৰ