ETV Bharat / state

পথ নিৰ্মাণত কোনো দুৰ্নীতি আৰু হেমাহি নচলিবঃ মন্ত্ৰী ৰঞ্জিত দত্ত

author img

By

Published : Jun 15, 2020, 11:34 PM IST

অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই বিহালীত উপস্থিত হয় ৷ কৰ'ণা ভাইৰাছক লৈ এতিয়া কোনো শংকিত হ'ব নালাগে বুলি সদৰি কৰে ৷ লগতে এক কোটি একৈশ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মোনাবাৰীৰ গ্ৰাম্য পথটিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীজনে ৷

Minister Ranjit Dutt Attended At Bihali Biswanath District
পথ নিৰ্মাণত কোনো দুৰ্নীতি আৰু হেমাহি নচলিবঃ মন্ত্ৰী ৰঞ্জিত দত্ত

বিশ্বনাথ, 15 জুনঃ বিহালীত উপস্থিত হয় বস্ত্ৰ শিল্প মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত ৷ লাহৰীজানৰ পৰা মোনাবাৰীৰ চাহবাগিচা লৈ যোৱা গ্ৰাম্য পথছোৱা নিৰ্মাণৰ এটা আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত লাহৰীজানৰ পৰা মোনাবাৰীৰ চাহবাগিচাৰলৈ যোৱা গ্ৰাম্য পথছোৱা অসম দৰ্পন আঁচনিৰ অধীনত এক কোটি একৈশ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া গ্ৰাম্য পথটি আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ৰঞ্জিত দত্তই সাংবাদিকৰ আগত কয় যে, বৃত্ৰিছৰ আমোলত বিহালীৰ পৰা গমিৰীলৈকে যাতায়ত কৰা অন্যতম পুৰণি পথ মোনাবাৰী-বটীয়ামাৰী গ্ৰাম্য পথছোৱা দুই লাইনযুক্ত পথ হিচাপে নিৰ্মাণ কৰাটো অতি জৰুৰী আছিল যাৰ বাবে আজি অসম দৰ্পন নামৰ আঁচনিৰ জৰিয়তে ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই পথছোৱা নিৰ্মাণৰ কাম শুভাৰম্ভনি কৰিব ওলাইছে । বিভিন্ন সময় এই অঞ্চলৰ ৰাইজে পথটো বাবে দুৰ্ভোগ ভুগি আহিছিল যদিও এতিয়াৰ পৰা তেনে জ্বালা- যন্ত্ৰণা ভুগিব নালাগে বুলি উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।

ইফালে এই পথটো নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰ, বিশ্বনাথৰ গড়কাপ্তানি বিভাগৰ অভিযন্তাক মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় নিৰ্মাণ কাৰ্য তীব্ৰ গতিত আৰু নিৰ্মাণত কোনো দুৰ্নীতি আৰু কেতিয়াও হেমাহি নকৰিব বুলি প্ৰকাশ কৰে ।‌ আনহাতে, বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো দিনক দিনে ভয়াৱহ কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু আমি ইয়াক লৈ কোনো শংকিত হ'ব নালাগে, কৰ'ণাৰ সৈতে যুজঁ দি সমাজৰ উন্নয়নমুলক কাম কাজ কৰি যাব লাগিব বুলি প্ৰকাশ কৰে । আধাৰশিলা অনুষ্ঠানত বিশ্বনাথৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা পথটো নিৰ্মাণ ঠিকা লাভ কৰা ঠিকাদাৰ ধীৰজ শৰ্মা, মোনাবাৰী চাহ বাগিছাৰ কৰ্তৃপক্ষ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি তথা মোনাবাৰীৰ স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক- হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফেচবুক পষ্ট কৰি গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.