বিশ্বনাথ, ১৬ ডিচেম্বৰ: জলসম্পদ আৰু জন সংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা বৃহস্পতিবাৰে বিশ্বনাথত উপস্থিত হয় । তেওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়(Pijush Hazarika holds meeting in Biswanath DC office) । এই বৈঠকত তেওঁ জিলাখনত বৰ্তমান চলি থকা উন্নয়নমূলক আঁচনিৰ কাম-কাজৰ খতিয়ান লয় ।
আনহাতে, ঐতিহাসিক বিশ্বনাথ ঘাটো পৰিদৰ্শন কৰে মন্ত্ৰী হাজৰিকাই(Minister Pijush Hazarika visits Biswanath Ghat) । তেওঁ কয় যে, গুপ্তকাশী বিশ্বনাথ ঘাটত ৰ'পৱেৰ নিৰ্মাণৰ কাম আৰু ঘাটটোক সুন্দৰকৈ সজাই তোলাৰ কাম-কাজ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই শুভাৰম্ভণি কৰিব । উল্লেখ্য যে, বিশ্বনাথ ঘাটত ৰ'পৱেৰ নিৰ্মাণ কৰিবলৈ দীৰ্ঘদিন ধৰি ৰাইজে দাবী জনাই আহিছিল ।
ঘাট পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষ আৰু বিজেপি কৰ্মীসকলে ।
মন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিশ্বনাথ জিলাৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তা সকলৰ সৈতেও এক আলোচনাতো মিলিত হয়(Pijush Hazarika holds meeting with BJP workers) । দলৰ সাংগঠনিক দিশৰ বিষয়ে তেওঁ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনা কৰে । এই আলোচনা সভাত উপস্থিত থাকে বিধায়ক ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা । লগতে বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা, বিজেপিৰ অসম ৰাজ্যিক চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰকে প্ৰমুখ্য কৰি দলৰ বিষয়ববীয়াসকল এই আলোচনা সভাত উপস্থিত থাকে ৷
লগতে পঢ়ক:বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী