ETV Bharat / state

Biswanath district inaugurate: নৱ ঘোষিত বিশ্বনাথ জিলাৰ আনুষ্ঠানিক শুভ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ - মন্ত্ৰী পীযুষ হাজৰীকা

আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় নৱ গঠিত বিশ্বনাথ জিলা ৷ বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত দেওবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলাৰ শুভ উদ্বোধন কৰে ৷

Minister Pijush Hazarika Formally Inaugurate
শুভ উদ্বোধন কৰা হয় নৱ গঠিত বিশ্বনাথ জিলা
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 4:24 PM IST

বিশ্বনাথ জিলাৰ আনুষ্ঠানিক শুভ উদ্বোধন

বিশ্বনাথ, ১৭ ছেপ্তেম্বৰ: দেওবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় নৱ গঠিত বিশ্বনাথ জিলা ৷ শুভ উদ্বোধন কৰে অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত দেওবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলাৰ শুভ উদ্বোধন কৰে ৷

বিশ্বনাথ জিলাৰ আটাইকেইগৰাগী বিধায়ক, বিশ্বনাথৰ জিলা আয়ুক্ত তথা জিলা প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰী আৰু বিশ্বনাথৰ ৰাইজৰ উপস্থিতিত জিলাখনৰ উদ্বোধন কৰি কেবিনেট মন্ত্ৰীগৰাকীয়ে কয় যে আজি বিশ্বনাথবাসী ৰাইজৰ বাবে এটি স্মৰণীয় দিন ৷ কিয়নো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰিয়েই বিশ্বনাথক জিলা মৰ্যাদা প্ৰদান কৰিলে ৷ বিশ্বনাথবাসী ৰাইজৰ আশা-আকাংক্ষাসমূহক বাস্তৱায়িত কৰাৰ লগতে নৱতম জিলাখনৰ দ্ৰুত উন্নয়ন সাধনৰ বেলিকা চৰকাৰৰ উদ্যোগ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছাই বিশ্বনাথক আগশাৰীৰ জিলা হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰভূত সহায় কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিশ্বনাথবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰে আৰু জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত জিলাবাসী ৰাইজৰ সহায় সহযোগিতাও কামনা কৰে ৷

বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰা এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকি বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিৎ দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথক জিলা মৰ্যাদা প্ৰদান কৰাত তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি নৱতম জিলাখনৰ উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছাক ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

উল্লেখযোগ্য যে কাৰ্যসূচী অনুসৰি মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে কমলাকান্ত নাট্য সমাজৰ চৌহদত কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰথমে বৃক্ষ ৰোপণ কৰে ৷ ইয়াৰ পিছতেই তেওঁ জিলা শুভ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ বিশ্বনাথ জিলাৰ শুভ উদ্বোধন কৰে ৷

প্ৰাক্তন মন্ত্ৰী তথা অসম বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, অসম পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতী, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, সমাজকৰ্মীদ্বয় পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী, বিষয়া-কৰ্মচাৰীসকল উপস্থিত থকা এই বিশেষ অনুষ্ঠানটিত ভাৰত চৰকাৰে দেশজুৰি আৰম্ভ কৰা অমৃত কলহ যাত্ৰা কাৰ্যসূচীও শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ২০২২ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰিছিল ৷ এই উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল ৷ তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃত কাল হিচাপে চিহ্নিত কৰিছিল ৷ অমৃত কালৰ সূচনা পর্বত অসমত ২০ ছেপ্টেম্বৰ ২০২৩ৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ হ'ব আৰু দেওবাৰে বিশ্বনাথত এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয় ৷ তেওঁ অমৃত কলহ যাত্ৰা আৰু অমৃত বৃক্ষ আন্দোলন এই দুয়োটা কাৰ্যসূচীতে জিলাবাসী ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰে ৷

উল্লেখ্য যে, বিশেষ কাৰিকৰী কাৰণত অসম চৰকাৰে ২০১৬ চনত নতুনকৈ গঠন হোৱা বিশ্বনাথ জিলাখনক জিলাৰ মৰ্যাদা কৰ্তন কৰি যোৱা ৩১ ডিচেম্বৰ, ২০২২ তাৰিখে পুনৰ মহকুমা হিচাপে শোণিতপুৰ জিলাৰ লগত চামিল কৰিছিল যদিও শেহতীয়াভাৱে অসম চৰকাৰে যোৱা ৭ ছেপ্তেম্বৰ, ২০২৩ তাৰিখে ECF.No.367433/29 নম্বৰ জাননী যোগে বিশ্বনাথক জিলা মৰ্যাদা প্ৰদান কৰাত উৎফুল্লিত হৈ পৰে জিলাবাসী ৷

সেই অনুসৰি আজি আনুষ্ঠানিকভাৱে বিশ্বনাথ জিলা শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷ যুৱ লেখক সাংবাদিক ভাস্কৰজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিত অমৃত কলহ যাত্ৰাৰ বিষয়ে প্ৰস্তুত কৰা এটি বিশেষ ভিডিঅ’ অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় ৷ বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত কুমাৰ বৈশ্যই শলাগ জ্ঞাপন কৰা আজিৰ বিশেষ অনুষ্ঠানটিত বিশ্বনাথৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকল, জ্যেষ্ঠ নাগৰিক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া, প্ৰতিনিধি আৰু সহস্ৰাধিক জনতা উপস্থিত আছিল ৷

লগতে পঢ়ক : Goalpara civil hospital: গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.