ETV Bharat / state

বিশ্বনাথৰ বাঘমাৰীৰ দুৰ্ঘটনাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে

বিশ্বনাথৰ দুৰ্ঘটনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ মন্ত্ৰীজনৰ দাবী-তেওঁৰ কনভয়ৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱা নাই লোক দুজনৰ ৷ এখন ট্ৰাকৰ খুন্দাতহে সংঘটিত হৈছিল দুৰ্ঘটনাটো ৷

পুৱাই বিশ্বনাথ ঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Aug 16, 2019, 1:47 PM IST

বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত সংঘটিত পথ দুৰ্ঘটনাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷তেওঁৰ কনভয়ৰ গাড়ীৰ খুন্দাত লোক দুজনৰ মৃত্যু হোৱা নাই বুলি মন্ত্ৰীজনে দাবী কৰিছে ৷বৰঞ্চ এই বিষয়টোৰসন্দৰ্ভত সংবাদ মাধ্যমকহে দোষাৰোপ কৰিলে মন্ত্ৰী হিমন্তই ৷ "যি খন ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰিছে তাত তেজৰ দাগ স্পষ্ট ৰূপত দেখা গৈছে গতিকে ট্ৰাক ড্ৰাইভাৰ জনক আটক কৰি সোধা-পোছা কৰিলেই ঘটনাতোৰ সত্যতা বাহিৰ হব" বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ দুৰ্ঘটনাস্থলীত আহতসকলক নিবলৈ এখন চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল বুলিও জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ কনভয়ৰ অধিকাংশ মানুহকে চিনি নাপাই বুলিও মন্তব্য কৰে প্ৰতাপী মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে 15 আগষ্টত লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি শুকুৰবাৰে পুৱাই পত্নী ৰিণিকি ভূঞা শৰ্মাক লগত লৈ বিশ্বনাথ ঘাটত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই যাত্ৰাত তেওঁক সহযোগ কৰে সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷ ঘাটত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা গুপ্তকাশী বিশ্বনাথৰ সৰ্বাঙ্গীন বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বিশ্বনাথ ঘাটৰ চণ্ডী মন্দিৰৰ সমীপৰ পৰা নদী দ্বীপ উমাটুমনিলৈ ওলমা দলং নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

পুৱাই বিশ্বনাথ ঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ ঘাটৰ ঐতিহ্যত ভাবুকি কঢ়িয়াই অনা গৰাখহনীয়া ৰোধৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ৷

Intro:as_biswanath_801_16_aug_dr.hemanta_vis_byte_scrpt_as10018
Body:as_biswanath_801_16_aug_dr.hemanta_vis_byte_scrpt_as10018
Conclusion:as_biswanath_801_16_aug_dr.hemanta_vis_byte_scrpt_as10018

আজি পুৱাই বিশ্বনাথ ঘাটত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মা | বিশ্বনাথ ঘাটৰ দেৱালয়ত স-পত্নীসহ উপস্থিত হৈ আশীষ ল'লে ভগবানৰ ৷ লগত সহযোগ কৰে নৱ নিৰ্বাচিত সাংসদ পল্লৱ লোচন দাস আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। মন্ত্ৰী গৰাকী উপস্থিত হৈ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা গুপ্তকাশী বিশ্বনাথৰ সৰ্বাঙ্গীন বিকাশত পদক্ষেপ লোৱাৰ বাবে ঘাইকৈ বিশ্বনাথ ঘাটৰ চণ্ডী মন্দিৰৰ সমীপৰ পৰা নদী দ্বীপ উমাটুমনিলৈ ওলমা দলং নিৰ্মাণ কৰি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰাৰ গুপ্তকাশী বিশ্বনাথ ঘাটৰ ঐতিহ্যত ভাবুকি কঢ়িয়াই অনা গড়াখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, স্থানীয় বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে গুপ্তকাশী বিশ্বনাথ ঘাটক পৰ্যটনৰ ক্ষেত্ৰত উন্নয়ন কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহন কৰিব বুলি আশ্বাস প্ৰদান কৰে | ইয়াৰ পিছত মন্দিৰত সেৱা লৈ মন্ত্ৰী গৰাকীয়ে বিশ্বনাথৰ পানীভড়ালৰ দ গাওঁত অচিৰেই নিৰ্মাণ হ'ব লগীয়া প্ৰস্তুতাৱিত আৰক্ষী চাৱনি (Police Reserve ) পৰিদৰ্শন কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা সন্দৰ্ভত পৰিদৰ্শন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে | ইফালে যোৱা নিশা বিশ্বনাথৰ বাঘমাৰি অঞ্চলত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ সন্দৰ্ভতো সংবাদ মাধ্যম ৰ স্পষ্টীকৰণ দিয়ে মন্ত্ৰী গৰাকীয়ে |

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.