ETV Bharat / state

Distribution of free bicycles:চৰকাৰে শিক্ষাখণ্ডৰ পৰিৱৰ্তন সাধিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে:অশোক সিংহল

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:07 PM IST

বিশ্বনাথত বিনামূলীয়া চাইকেল বিতৰণ শুভাৰম্ভ কৰিলে মন্ত্ৰী অশোক সিংহলে । মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনত উপকৃত হ'ব ৯৭ খন বিদ্যালয়ৰ ৯,৮০০ গৰাকী ছাত্ৰ ছাত্ৰী । দেশৰ ভৱিষ্যত মানৱ সম্পদ তৈয়াৰ কৰাত শিক্ষক সমাজক আত্মনিয়োগ কৰিবলৈ মন্ত্ৰীগৰাকীৰ আহ্বান ।

Chief Ministers Special Scheme
মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ

বিশ্বনাথ, ১৩ অক্টোবৰ:২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আৰম্ভ কৰা নৱম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী সকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ প্ৰক্ৰিয়া ৰাজ্য়ৰ আন জিলাৰ লগতে আজি বিশ্বনাথতো শুভাৰম্ভ কৰা হয় । বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ছাত্ৰ -ছাত্ৰী সকলৰ মাজৰ পোন্ধৰগৰাকীক বিনামূলীয়া চাইকেল প্ৰদান কৰি এই বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ।

বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত মুখ্য অতিথি মন্ত্ৰী অশোক সিংহলে শুভাৰম্ভ কৰি ভাষণত কয় যে অসম চৰকাৰে শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন সাধিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ছাত্ৰ- ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত উদগনি যোগোৱাৰ লগতে গ্ৰাম্য অঞ্চল,নগৰ আৰু দূৰৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থীসকলৰ পৰিবহণৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে আগত ৰাখিয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন নতুন উচ্চাভিলাষী আঁচনিখন গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে অসম চৰকাৰে চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু আদৰ্শ বিদ্যালয়কে ধৰি প্ৰাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক বিনামূলীয়া চাইকেল প্ৰদান কৰাৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত এই নতুন উচ্চাভিলাষী আঁচনি আৰম্ভ কৰিছে ।

তেওঁ কয় যে চৰকাৰে ৰাস্তা পদুলি বাট পথ নিৰ্মাণ কৰিব পাৰে, কিন্ত মানৱ সম্পদ তৈয়াৰ কৰিবলৈ শিক্ষক সকলেহে দায়িত্ব ল'ব লাগিব । তেওঁ দেশৰ ভৱিষ্যত মানৱ সম্পদ তৈয়াৰ কৰাত আত্মনিয়োগ কৰিবলৈ শিক্ষক সমাজক আহ্বান জনায় । মন্ত্ৰী অশোক সিংহলে ছাত্ৰ ছাত্ৰী সকলকো ভৱিষ্যতে দেশৰ সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা হোৱাৰ সংগ্ৰামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে ।

উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত বিশ্বনাথ জিলাৰ অন্তৰ্গত তিনিটা শিক্ষাখণ্ডৰ অধীনৰ মুঠ ৯৭ খন বিদ্যালয়ৰ সৰ্বমুঠ ৯,৮০০ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল । ইয়াৰে ৫,৪০০ গৰাকী ছাত্ৰী আৰু ৪,৪০০ গৰাকী ছাত্ৰ । তথ্য অনুসৰি, বিহালী শিক্ষাখণ্ডৰ অধীনৰ ১৭ খন বিদ্যালয়ৰ ২৪৯৪ গৰাকী, বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনৰ ৩৩ খন বিদ্যালয়ৰ ৩৬৩৪ গৰাকী আৰু গহপুৰ মহকুমাৰ ছয়দুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ ৪৭ খন বিদ্যালয়ৰ ৩৬৭২ গৰাকী ছাত্ৰ-ছাত্ৰী এই বিশেষ আঁচনিৰ দ্বাৰা উপকৃত হ'ব ।

এই অনুষ্ঠানটোত তিনিওগৰাকী বিধায়কে ভাষণ প্ৰদান কৰি বৰ্তমান চৰকাৰখনে ছাত্ৰ-ছাত্ৰী সকলৰ সুচল যাতায়তৰ বাবে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এনে বিনামূলীয়া অভিলাষী আঁচনিৰে ছাত্ৰ ছাত্ৰী সকলক উপকৃত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে । ভাস্কৰজ্যোতি বৰাই আঁতধৰা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃনেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰে । অনুষ্ঠানটোত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰা, পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডাঃৰঞ্জন গগৈ, সমাজকৰ্মী দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত তথা সৰ্বশিক্ষা অভিযান মিছনৰ জিলা মিছন সমন্বয়ক ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শইকীয়া, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, বিশ্বনাথৰ নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, সহকাৰী আয়ুক্তসকল ক্ৰমে পুষ্পাংকৰ পাতিৰ, সৃষ্টি কলিতা, বিচিত্ৰা দাস, চয়নিকা হাজৰিকা আদিৰ লগতে শিক্ষক, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Protest in Teok:দলং নিৰ্মাণকাৰী কোম্পানীৰ বিৰুদ্ধে জাঁজীমুখত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.