ETV Bharat / state

Migratory birds in Assam : আলহী পক্ষীৰ কলৰৱৰে মুখৰিত জামুগুৰিহাটৰ মণ্ট পুখুৰী - Mont Pukhuri filled with Migratory birds

সহস্ৰাধিক পৰিভ্ৰমী পক্ষীৰ কলৰৱৰে মুখৰিত জামুগুৰিহাটৰ মণ্ট পুখুৰী (Migratory birds in Mont Pukhuri)। শীতৰ অতিথিৰ নান্দনিক জলকেলীয়ে মুগ্ধ কৰিছে সকলোকে । পৰিভ্ৰমী পক্ষীক সুৰক্ষা প্ৰদান কৰিছে স্থানীয় ৰাইজে ।

Migratory birds in Assam
আলহী পক্ষীৰ কলৰৱৰে মুখৰিত জামুগুৰিহাটৰ মণ্ট পুখুৰী
author img

By

Published : Dec 23, 2022, 11:14 AM IST

বিশ্বনাথ, ২৩ ডিচেম্বৰ : প্ৰাকৃতিক সম্পদৰে চহকী অসম । কয়লা, খাৰুৱা তেলকে ধৰি বিভিন্ন সম্পদৰ বাবে অসম পৃথিৱীত বিখ্যাত । ইফালে অসমত পোৱা বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তুৰ বাবে ই ব্যতিক্ৰম । কেৱল এয়াই নহয় প্ৰতিবছৰে অসমলৈ অহা পৰিভ্ৰমী পক্ষীবোৰে অসমৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰে (Migratory birds in Assam)।

বিশেষকৈ শীতৰ আগমনৰ লগে লগে লাখ লাখ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে । কিছু সময়ৰ বাবে থাকি পুনৰ আন ঠাইলৈ যায় পক্ষীবোৰ । যাৰ বাবে এই পক্ষীবোৰক আলহী পক্ষী বা অতিথি পক্ষী আদি বিভিন্ন নামেৰে নামাকৰণ কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰে । ঐতিহাসিক বিল, জলাশয় আদিত এই দৃশ্য সুলভ হৈ উঠে ।

তেনে এক স্থান হৈছে বিশ্বনাথ জিলাৰ জামুগুৰিহাট । জামুগুৰিহাটৰ মণ্ট পুখুৰীৰ এই ক্ষেত্ৰত এক বিশেষ পৰিচয় আছে । প্ৰতিবছৰে শীতৰ আগমনৰ লগে লগে এই ঐতিহাসিক পুখুৰীটোও ভৰি পৰি হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে (Migratory birds in Mont Pukhuri)। পৰিভ্ৰমী পক্ষীবোৰৰ কলৰৱৰে একপ্ৰকাৰ মুখৰিত হৈ পৰে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ মন্ট পুখুৰী ।

প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰম হোৱা নাই । বহু অচিনাকী পক্ষীৰে এতিয়া ভৰি পৰিছে পুখুৰীটো । যেন মণ্ট পুখুৰীৰ অলংকাৰহে এই অচিনাকী পৰিভ্ৰমী পক্ষীবোৰ (Mont Pukhuri filled with Migratory birds)। কিছুমান পক্ষীবোৰৰ চিনাকী-অচিনাকী মাতেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো । অতিথি চৰাইৰ নান্দনিক জলকেলিৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তুলিছে স্থানীয় লোকসকলক ।

পুৱা আৰু গধুলি এই নান্দনিক দৃশ্য চাবলৈ এতিয়া ভিৰ কৰিছে বিভিন্নজনে । জানিব পৰা মতে প্ৰতিবছৰে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে এই পৰিভ্ৰমী পক্ষীবোৰৰ আগমন হয় আৰু ফেব্ৰুৱাৰী মাহৰ শেষলৈকে পুনৰ অচিন দেশলৈ উভতি যায় ।

স্থানীয় লোকসকলে জনোৱা মতে এই সময়খিনিয়ে তেওঁলোকক যথেষ্ট পৰিমাণে আনন্দ দিয়ে । পুখুৰীটোৰ কাষৰ পথৰে যোৱা প্ৰতিগৰাকী পথচাৰীয়ে এবাৰ হ'লেও সেই স্থানত ৰৈ প্ৰকৃতিৰ এনে নান্দনিক দৃশ্যবোৰ উপভোগ কৰে । ইফালে জামুগুৰিহাটৰ এই মণ্ট পুখুৰীলৈ আগমন হোৱা পৰিভ্ৰমী পক্ষীৰ যাতে কোনেও অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে প্ৰতিবছৰেই অঞ্চলটোৰ ৰাইজে সুৰক্ষা প্ৰদান কৰি আহিছে । অৱশ্যে চৰকাৰে এই ক্ষেত্ৰত কিছু সহযোগিতা আগবঢ়ালে ৰাইজৰ সুবিধা হয় বুলিও স্থানীয় লোকসকলে আহ্বান জনাইছে ।

লগতে পঢ়ক :Wild elephant menace: বিহালীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.