ETV Bharat / state

মানকাছাৰ আৰু বিশ্বনাথ মধ্যাহ্ন ভোজনক লৈ ব্যাপক বিসংগতি

author img

By

Published : Nov 2, 2019, 12:43 PM IST

Updated : Nov 2, 2019, 3:33 PM IST

মানকাছাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৩০৪ খন স্কুলৰ প্ৰায় ৫০ হেজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব লৈ সম্পূৰ্ণৰূপে ব্যৰ্থ "কেৰিয়াৰ এডুকেচন চছায়টি" নামৰ বে-চৰকাৰী সংস্থা ৷ ইপিনে বিশ্বনাথটো ৩৩০ খন বিদ্যালয়ত মধ্যাহ্ন ভোজন দায়িত্ব লৈ ব্যৰ্থ বে-চৰকাৰী সংস্থা ৷

মানকাছাৰ আৰু বিশ্বনাথ মধ্যাহ্ন ভোজনক লৈ ব্যাপক বিসংগতি

বিশ্বনাথ,ধুবুৰী,2 নৱেম্বৰ: শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহত কাৰ্যকৰী হ'ল ৰাজ্য চৰকাৰৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব বে-চৰকাৰী সংস্থালৈ হস্তান্তৰ কৰা সিদ্ধান্ত ৷ এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে মানকাছাৰৰ তিনি শতাধিক বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব পাইছিল "কেৰিয়াৰ এডুকেচন চ'ছাইটি" নামৰ বে-চৰকাৰী সংস্থাটোৱে। কিন্তু আৰম্ভণিতে আহাৰ যোগানত সম্পূৰ্ণ ব্যৰ্থ হ'ল বেচৰকাৰী সংস্থাটো। মানকাছাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৩০৪ খন স্কুলৰ প্ৰায় ৫০ হেজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ গৈ বিপাঙত পৰিল কেৰিয়াৰ এডুকেচন চ'ছাইটি । অসম চৰকাৰৰ শিক্ষা বিভাগে উন্নত মানৰ মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ উক্ত বে-চৰকাৰী সংস্থাটোক দায়িত্ব অৰ্পণ কৰিছে। পৰিতাপৰ বিষয় যে উক্ত বে-চৰকাৰী সংস্থাটোৱে স্কুল সমূহত সঠিকভাৱে মধ্যাহ্ন ভোজনৰ আহাৰ যোগান নধৰাৰ অভিযোগ উঠিছে। এশ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ পচিশৰ পৰা ত্ৰিশ জনৰ খাদ্য যোগান ধৰা হৈছে একাংশ বিদ্যালয়ত । আনহাতে ইয়াৰ বেছিভাগ স্কুলত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱাত বে-চৰকাৰী সংস্থাটোৰ প্ৰতি বৈষম্যতাৰ অভিযোগ তোলে শিক্ষক সমাজে। এই সন্দৰ্ভত শুকুৰবাৰে জিলা উপায়ুক্ত আৰু বিভাগীয় কৰ্তৃপক্ষক এখন লিখিত অভিযোগ দাখিল কৰাৰ লগতে বে-চৰকাৰী সংস্থাটোৰ এনে কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰি তদন্তৰ দাবী জনায় শিক্ষক সমাজে ।

ইফালে বিশ্বনাথটো অনুৰূপ ঘটনা ৷ বিশ্বনাথ কিন্তু সংস্থাটোৱে নিৰ্দ্ধাৰিত সময়ত খাদ্য যোগান ধৰিব নোৱাৰিলে জিলাখনৰ বহু বিদ্যালয়ত ৷ যাৰ বাবে খাদ্য গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হল বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৷ বহু বিদ্যালয়ৰ পৰিচালনা সমিতি সমূহে বিদ্যালয় অৰ্ধ চুটি দিবলৈ বাধ্য হয় ৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব বে-চৰকাৰী সংস্থালৈ হস্তান্তৰ কৰা সিদ্ধান্তৰ ফলত চাকৰি হেৰুৱালে হাজাৰ হাজাৰ ৰন্ধনকৰ্মীয়ে। এতিয়া প্ৰশ্ন হয় আৰম্ভণিতেই মধ্যাহ্ন ভোজন যোগান দিয়া কাৰ্যত ব্যৰ্থ হোৱা বে-চৰকাৰী সংস্থাই পৰৱৰ্তী সময়ত কিদৰে খাদ্য যোগান ধৰিব। বে-চৰকাৰী সংস্থাক দায়িত্বৰ পৰা আতৰাই ৰখাৰ দাবী উত্থাপন কৰাৰ লগতে যদি শিক্ষকসকলৰ চৰকাৰে দাবী মানি নলয় পৰৱৰ্তী সময়ত আন্দোলনত নমাৰ হুংকাৰ প্ৰদান কৰে শিক্ষক সমাজে ।

লগতে পঢ়ক:ৰান্ধনীসকল কোনো চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহেঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

Intro:as_biswanath_804_1_nov_cancer aid and research foundation_vis_byte_scrpt_photo_as10018
Body:as_biswanath_804_1_nov_cancer aid and research foundation_vis_byte_scrpt_photo_as10018
Conclusion:
বিশ্বনাথত মধ্যাহ্ন ভোজন যোগান বিসংগতি
তীব্ৰ প্ৰতিক্ৰিয়া

বিশ্বনাথত ব্যাপক এম ডি এম বিতৰণ বিসংগতি৷
বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনে আজিৰে পৰা বিতৰণ কৰিছিল মধ্যাহ্ন ভোজন প্ৰায় জিলা খনৰ ৩৩০ খন বিদ্যালয়ত এই খাদ্য যোগান ধৰিছিল এটা বে -চৰকাৰী সংস্থাই ‌।
কিন্তু আজি পৰা আৰম্ভ হোৱা সংস্থাটোৱে
নিৰ্দ্ধাৰিত সময়ত খাদ্য যোগান ধৰিব নোৱাৰিলে বহু বিদ্যালয়ত ৷
খাদ্য গ্ৰহণৰ পৰা বঞ্চিত বহু বিদ্যালয়ক ছাত্ৰ ছাত্ৰী ৷
বহু বিদ্যালয় অৰ্ধ চুটি দিৱলৈ বাধ্য বিদ্যালয় পৰিচালনা সমিতি৷ কিন্তু বহু বিদ্যালয়ত খাদ্য যোগান ধৰিছিল যদিও ছাত্র ছাত্ৰী অনুপাতে বহু কম দিয়া অভিযোগ এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমতি শিক্ষকে এই দৰে কয় ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Nov 2, 2019, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.