ETV Bharat / state

এনডিএফবিৰ হত্যাকাণ্ডত নিহতৰ স্মৃতিচাৰণ সভা

author img

By

Published : Oct 5, 2022, 1:02 PM IST

২০০৯ চনৰ ৪ অক্টোবৰত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলিত (Bhimajuli murder of NDFB in 4oct2009) সংঘটিত কৰিছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ এনডিএফবিৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডত নিহত লোকৰ স্মৃতিত বিশ্বনাথত স্মৃতিচাৰণ সভা সম্পন্ন ৷

(Militants killed at Bhimajuli in 2009
এনডিএফবিৰ হত্যাকাণ্ডত নিহতৰ স্মৃতিচাৰণ সভা

বিশ্বনাথ, ৫ অক্টোবৰ: ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা এনডিএফবিয়ে ২০০৯ চনৰ ৪ অক্টোবৰত (Memorial meeting of NDFB killing in Bhimajuli) অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলিত সংঘটিত কৰিছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ দেশজুৰি জোঁকাৰি যোৱা এই হত্যাকাণ্ডত ১২ জনকৈ নিৰীহ লোকৰ প্ৰাণ লৈছিল এনডিএফবিৰ ঘাতক দলটোৱে ৷

আজিও পাহৰিব পৰা নাই কাল সন্ধিয়াতে গুলিয়াই হত্যা কৰা সেই কৰুণ দৃশ্য ৷ অহৰ্নিশেই মানসপটত যেন ভাহি থাকে নিজ আত্মীয় স্বজনৰ মৃত্যুৰ বিভীষিকা ৷ সিদিনা সমগ্ৰ অঞ্চলজুৰি মৃত্যুৱে কিৰিলি পাৰিছিল ৷ ছানি ধৰিছিল ভয়-শংকা শোকৰ ছাঁ ৷ মানুহৰ দুখ দুৰ্গতিৰ কোলাই পাচিয়ে নধৰা হৈছিল ৷ অতি নিষ্ঠুৰ আৰু নিৰ্দয়ভাবে ঘাতক বাহিনীয়ে এজন এজনকৈ আবাল বৃদ্ধ বনিতাসহ ১২ জনকৈ লোকক গুলিয়াই হত্যা কৰে (Militants killed at Bhimajuli in 2009) দলটোৱে ৷

প্ৰাণৰ মায়াত বহু লোক পলাই সাৰে ৷ পিছ মুৰ্হুতত অত-ত’ত পৰি ৰৈছিল কেঁচা তেজ লগা নিথৰ শৰীৰ ৷ তেজৰ ডোঙা বান্ধিছিল ঠায়ে ঠায়ে ৷ কৰুণ আৰু ভয়াবহ দৃশ্যই যেন থৰ লাগি ৰৈছিল ভীমাজুলিবাসী ৷ ১২ জনকৈ লোকৰ চিতা জ্বলা নৰসংহাৰী এই ঘটনাই ১৩ বছৰ অতিক্ৰম কৰিলে ৷ সুদীৰ্ঘ দিনৰ বিৰতিত অঞ্চলটোত এতিয়া শান্তিৰ পৰিবেশ বিৰাজমান ৷ পূৰ্বৰ শান্তি সম্প্ৰতি যেন পুনৰ ঘূৰি আহিছে ৷

ৰাজ্যত চাৰিদিন ধৰি অব্যাহত আছে শাৰদীয় দুৰ্গোৎসৱ ৷ তাৰ মাজতে মঙলবাৰে সন্ধিয়া নৱমীৰ পূজাৰ সমান্তৰালকৈ ১২ জনকৈ নিৰীহ লোকৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে স্থানীয় লোকে আয়োজন কৰে এক স্মৃতিচাৰণ সভাৰ (Memorial Meeting at Bhimajuli) ৷ উক্ত সভাৰ শ্বহীদবেদীত আত্মীয় স্ব-জনক সোঁৱৰণচত বন্তি প্ৰজ্বলন তথা এটুপি অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোকসন্তপ্ত পৰিয়ালৰ লগতে আত্মীয় -স্বজন তথা স্থানীয় ৰাইজে ৷ ভবিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ ওচৰত তাৰেই প্ৰাৰ্থনা জনাইছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক:মৰাণৰ চেপনত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত যুৱক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.