বিশ্বনাথ, 31 মে' : দেওবাৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এটা সজাতি দলে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে । শিক্ষক সকলে বিধায়ক গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে বিহালী সমষ্টিত প্ৰাথমিক টেট শিক্ষক সকলৰ কেইবাটাও সমস্যা সমাধানৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
![Memorandum to ranjit dutta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-30-m-memorynaam-tetteacher-byte-photo-scrpt-as10018_30052021185328_3005f_1622381008_45.jpg)
টেট শিক্ষক সমাজৰ পত্ৰত উল্লেখ আছে বিহালী সমষ্টিৰ কেন্দ্ৰস্থল বৰগাংত এটা স্থায়ী শিক্ষক প্ৰশিক্ষণ আৰু কৰ্মশালা ভৱণ নিৰ্মাণৰ দাবী, বিহালীৰ বিদ্যালয় সমূহত থকা এজনীয়া শিক্ষকৰ সমস্যা দূৰ কৰা, বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীয়ে হাত ধোঁৱা সুবিধা হোৱাকৈ টেপ যুক্ত বেচিন স্থাপনৰ দাবী, বিহালী প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত শ্ৰেণী কোঠাৰ নিৰ্মাণৰ দাবী(আমাৰ পঢ়াশালি )লগতে প্ৰতিখন বিদ্যালয়তে পঁকী বেৰৰ নিৰ্মাণৰ দাবী ।
উল্লেখ্য যে, স্মাৰক পত্ৰ দিয়া সময়ত বিধায়কজনৰ বাসগৃহত উপস্থিত থাকে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বিহালী খণ্ড সমিতিৰ সভাপতি ৰাজু গিৰি, সম্পাদক ইন্দ্ৰজিৎ মুণ্ডা, জিলা সভাপতি চবিন চন্দ্ৰ লেখাৰুৰ লগতে অন্যান্য বিষয়ববীয়া সকল ক্ৰমে হেমন্ত পৌৰেল, সঞ্জীৱ কুমাৰ দাস, অৰুণ ভূজেলকে ধৰি কেইবাজনো শিক্ষক ।
লগতে পঢ়ক : পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন