ETV Bharat / state

বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ক’ভিড সম্পৰ্কীয় বৈঠক - biswanath covid update

বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত আয়োজিত ক’ভিড সম্পৰ্কীয় এক উচ্চস্তৰীয় পৰ্যালোচনা সভাত বিশ্বনাথ জিলাৰ ক’ভিড ভাৰপ্ৰাপ্ত মন্ত্ৰী অশোক সিংঘালে অংশগ্ৰহণ কৰাৰ লগতে মহামাৰী ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ক’ভিড সম্পৰ্কীয় বৈঠক

author img

By

Published : May 14, 2021, 12:04 PM IST

বিশ্বনাথ , 14 মে’ : “সজাগতা আৰু নিবাৰণেই ক’ভিড ৰোধৰ একমাত্ৰ উপায় আৰু বৰ্তমান পৰিস্থিতিত ইয়াৰ ওপৰতে গুৰুত্ব আৰোপ কৰিব লাগিব”- এই মন্তব্য বিশ্বনাথ জিলাৰ ক’ভিড ভাৰপ্ৰাপ্ত মন্ত্ৰী অশোক সিংঘালৰ । বৃহস্পতিবাৰে মন্ত্ৰী গৰাকীয়ে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত আয়োজিত ক’ভিড সম্পৰ্কীয় এক উচ্চস্তৰীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে মতপোষণ কৰি কয় যে, ক’ভিড মহামাৰী সম্পৰ্কে ৰাইজক সজাগ কৰাটো প্ৰশাসন তথা সমাজৰ এক প্ৰধান দায়িত্ব ।

বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ক’ভিড সম্পৰ্কীয় বৈঠক
বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ক’ভিড সম্পৰ্কীয় বৈঠক

মন্ত্ৰী গৰাকীয়ে পঞ্চায়ত স্তৰত সামাজিক সংগঠন, আত্মসহায়ক গোট, নামঘৰ আদিক জড়িত কৰি একোটাকৈ টাস্ক-ফৰ্চ গঠন কৰি জনসাধাৰণৰক সজাগ কৰাৰ লগতে মহামাৰী ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । তেখেতে কয় যে, গাওঁ বুঢ়া আৰু পঞ্চায়ত সদস্য সকলৰো এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলগীয়া আছে । মন্ত্ৰী গৰাকীয়ে বাহিৰৰ পৰা অহা লোকসকলক ক’ভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে আৰু ক’ভিড আক্ৰান্ত সকলক পৃথককৈ ৰাখিবৰ বাবে ক’ভিড কেন্দ্ৰ মুকলি কৰাৰ পৰামৰ্শ দিয়ে ।

সিংঘালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ সৈতে নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবব বাবেও নিৰ্দেশ দিয়ে যাতে ক’ভিড ৰোধ কৰাৰ বাবে ব্যৱস্থা সমূহ তীব্ৰ কৰি তুলিব পৰা যায় । ক’ভিড আক্ৰান্ত অঞ্চলৰ অৰ্থনৈতিক ভাৱে দুৰ্বল লোক সকলৰ বাবে সাহাৰ্য অভিযান আৰম্ভ কৰিবলৈয়ো মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । পাঁচ শতাংশতকৈ বেছি লোক আক্ৰান্ত হোৱা চাহ বাগিচা সমূহ পোন্ধৰ দিনৰ বাবে বন্ধ ৰখাৰো তেওঁ পোষকতা কৰে । আনহাতে, সৰ্বসাধাৰণ ৰাইজ যাতে ভীতিগ্ৰস্ত নহয় তাৰ বাবে মন্ত্ৰী গৰাকীয়ে ধনাত্মক প্ৰচাৰৰ ওপৰতো গুৰুত্ব দিয়ে।

উল্লেখ্য যে, বৈঠকৰ আৰম্ভণিতে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ক’ভিড ৰোধৰ ক্ষেত্ৰত প্ৰশাসনে হাতত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে মন্ত্ৰী গৰাকীক অৱগত কৰে ৷ উপায়ুক্ত গৰাকীয়ে কয় যে, জিলাখনত ক’ভিড পৰীক্ষা আৰু ক’ভিড ৰোগৰ পৃথকীকৰণৰ ওপৰত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হৈছে । মন্ত্ৰী গৰাকীৰ আগত এক ‘পাৱাৰ পইন্ট’ প্ৰদৰ্শনৰ যোগেদি বিশ্বনাথ জিলাৰ স্বাস্থ্য খণ্ডৰ বৰ্তমানৰ ৰূপৰেখাও দাঙি ধৰা হয় । উক্ত সভাখনত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, গহপুৰৰ মহকুমাধিপতি, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।

লগতে পঢ়ক : কৰ’ণা ভাইৰাছৰ পূৰ্ৱৱৰ্তী আৰু পৰৱৰ্তী পৰ্যায়ৰ শেহতীয়া প্ৰযুক্তিসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.