ETV Bharat / state

বিশ্বনাথত মে-ডাম-মে-ফী উদযাপন - বিশ্বনাথত মে ডাম মে ফী উদযাপন

মে-ডাম-মে-ফী উদযাপন সমিতিৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ স্বৰ্গদেউ চুকাফা ক্ষেত্ৰত মে-ডাম-মে-ফী উদযাপন কৰা হয় ৷

বিশ্বনাথত মে-ডাম-মে-ফী উদযাপন
বিশ্বনাথত মে-ডাম-মে-ফী উদযাপন
author img

By

Published : Jan 31, 2021, 9:35 PM IST

বিশ্বনাথ , ৩১ জানুৱাৰী : অসমৰ আন আন জিলাসমূহৰ লগতে বিশ্বনাথতো মে-ডাম-মে-ফী আয়োজন কৰা হয় । মে-ডাম-মে-ফী উদযাপন সমিতিৰ উদ্যোগত টাই আহোম যুৱ পৰিষদে বিশ্বনাথ চাৰিআলিৰ স্বৰ্গদেউ চুকাফা ক্ষেত্ৰত মে-ডাম-মে-ফী উদযাপন কৰে ৷ পুৱা উদযাপন সমিতিৰ সভাপতি লক্ষ্যজিৎ গগৈয়ে পতাকা উত্তোলন কৰে আৰু মে-ডাম-মে-ফী মূল তৰ্পন কৰে মলুঙ জয়গুৰু লিগিৰাই ৷ পৰৱৰ্তী সময়ত বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত চন্দ্ৰ গগৈৰ সভাপতিত্বত মূল সভা অনুষ্ঠিত হয় ।

বিশ্বনাথত মে-ডাম-মে-ফী উদযাপন
বিশ্বনাথত মে-ডাম-মে-ফী উদযাপন

টাইপাৰ বিশ্বনাথ মহকুমাৰ সম্পাদক সুব্ৰত গোহাঁইয়ে আঁত ধৰা সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি বুৰঞ্জীবিদ তথা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° নিত্যানন্দ গগৈ আৰু টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিগন্ত তামুলীয়ে মে-ডাম-মে-ফী আৰু আহোম সকলৰ ওপৰত তত্ত্ব গধূৰ ভাষণ আগবঢ়ায় ৷ এই সভাত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰা সংগীতা বৰুৱা, বিভা কাঞ্চন গগৈ আৰু পলাশ বৰাক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :হঠাৎ ঝুমুৰ সম্ৰাট দুলাল মানকিৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.