ETV Bharat / state

বিশ্বনাথত অব্যাহত আছে কৰ'ণাৰ গণ সংক্ৰমণ

বৃহস্পতিবাৰৰ দিনটোলৈ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ ৫৮০৭ গৰাকী । সুস্থ হৈ উঠিছে ৪৮০২ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী । বৰ্তমানলৈকে জিলা খনৰ বিভিন্ন ক'ভিড চিকিৎসালয় (Covid Hospital) আৰু ক'ভিড কেয়াৰ চেন্টাৰত (Covid care centre) চিকিৎসাধীন হৈ আছে ৮৭৯ গৰাকী লোক ।

as_biswanath_01_mass_infection_of_corona_at_biswanath_img_as10018
বিশ্বনাথত অব্যাহত আছে কৰ'ণাৰ গণ সংক্ৰমণ
author img

By

Published : Jul 2, 2021, 12:26 PM IST

বিশ্বনাথ, ২ জুলাই : অসমৰ কেইবাখনো জিলাত এতিয়াও অব্যাহত আছে কৰ'ণাৰ (Corona) দ্ৰুত সংক্ৰমণ । তাৰ ভিতৰত অন্যতম হৈছে বিশ্বনাথ জিলা । এই জিলাখনত কৰ'ণা আক্ৰান্তৰ হাৰ (Positivity rate) বৃদ্ধি হৈয়ে আছে ।

বৃহস্পতিবাৰৰ দিনটোলৈ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ ৫৮০৭ গৰাকী । সুস্থ হৈ উঠিছে ৪৮০২ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী । বৰ্তমানলৈকে জিলা খনৰ বিভিন্ন ক'ভিড চিকিৎসালয় (Covid Hospital) আৰু ক'ভিড কেয়াৰ চেন্টাৰত (Covid care centre) চিকিৎসাধীন হৈ আছে ৮৭৯ গৰাকী লোক ।

ইফালে জিলা খনৰ অতিৰিক্ত গুৰুত্বপূৰ্ণ চাহ শ্ৰমিক বসতি অঞ্চল বিহালী সমষ্টিত ক'ভিডত আক্রান্তৰ সংখ্যা এহেজাৰৰ দিশে আগবাঢ়িছে ।

উল্লেখ্য যে বুধবাৰলৈকে অঞ্চলটোত ৯১৩ গৰাকী আক্ৰান্ত হৈছিল কৰ'ণাত । অৱশ্যে নতুনকৈ ১৭ গৰাকীৰ দেহত পোৱা গৈছে ভাইৰাছৰ অৱস্থিতি । সম্প্ৰতি অঞ্চলটোত মুঠ আক্রান্তৰ সংখ্যা ৯৩০ গৰাকীলৈ বৃদ্ধি হৈছে ।

সম্প্রতি বিহালী শিশু সকল আক্রান্ত হ'বলৈ ধৰাত উদ্বিগ্ন হৈছে অভিভাৱকসকল । তাৰোপৰি চাহ বাগিছাৰ শ্রমিকসকলো বেছিকৈ আক্রান্ত হৈ আছে । বিশ্বনাথ জিলাত কঠোৰভাৱে সান্ধ্য আইন (Night curfew) জাৰী কৰাৰ পিছতো কমা নাই গণ সংক্রমণ যাৰ বাবে চিন্তিত হৈছে জিলাখনৰ সচেতন লোকসকল ।

তাৰোপৰি ক'ভিড ভেকচিন কেন্দ্ৰ (Covid Vaccine Centre) আৰু ভেকচিন বৃদ্ধিৰ লগতে ক'ভিড টেষ্ট (Covid test) বৃদ্ধি কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে । ইফালে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ অধীনৰ বটিয়ামাৰী চেণ্টাৰত এটা ক'ভিড ভেকচিন কেন্দ্ৰ স্থাপন কৰিবলৈ স্বাস্থ্য বিভাগক অনুৰোধ জনাইছে সচেতন ৰাইজে । উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমৰ কেইবাখনো জিলাক ৰেড জ'ন (Red district) হিচাপে ঘোষণা কৰিছিল ।

ক'ভিড (Covid) আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে । এই জিলাসমূহৰ ভিতৰত আছিল বিশ্বনাথ জিলাও । চৰকাৰে বিশ্বনাথ জিলাৰ লগতে বাকী ৰেড' জ'নৰ অন্তৰ্গত জিলাসূহত কঠোৰ নীতি নিয়ম পালনৰ নিৰ্দেশ দিছিল । কিন্তু ইয়াৰ পিছতো বিশ্বনাথত এনেদৰে কৰ'ণা আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈয়ে আছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ৰাজহ চক্ৰ বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.