ETV Bharat / state

Land dispute in Biswanath: বিশ্বনাথত ভূমি কেন্দ্ৰিক বিবাদত কেইবাজনো আহত

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালতলী ১০ নং ৱাৰ্ডত সোমবাৰে সংঘটিত হৈছে ভূমি কেন্দ্ৰিক বিবাদ ৷ বিবাদৰ ফলত চোকা অস্ত্ৰৰ আঘাতত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে (Many injured in land dispute in Biswanath) ৷

Land dispute in Biswanath
বিশ্বনাথত ভূমি কেন্দ্ৰিক বিবাদ
author img

By

Published : May 15, 2023, 4:22 PM IST

ভূমি কেন্দ্ৰিক বিবাদত আহত কেইবাজনো

বিশ্বনাথ, ১৫ মে’ : বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালতলী ১০ নং ৱাৰ্ডত সোমবাৰে সংঘটিত হৈছে ভূমি কেন্দ্ৰিক বিবাদ ৷ এই বিবাদৰ ফলতেই চোকা অস্ত্ৰৰ আঘাতত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে (Many injured in land dispute in Biswanath) ৷

অভিযোগ অনুসৰি হুছেইন আহমেদ আৰু আনোৱাৰ আহমেদ নামৰ দুজন ব্যক্তিয়ে ২০২০ চনতে বিশ্বনাথৰ গোৱালতলীৰ দহ নং ৱাৰ্ডৰ আশ্ৰফ আলিৰ পৰা তিনি লাখ পঞ্চাছ হাজাৰ টকাৰ বিনিময়ত দুই কঠা ভূমি ক্ৰয় কৰিছিল ৷ কিন্তু আশ্ৰফ আলিয়ে নিজৰ ভূমিৰ দখলীস্বত্ব হুছেইন আহমেদক গতাই দিয়া নাছিল ৷ উপায়ন্তৰ হৈ হুছেইন আহমেদ গাওঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ কাষ চাপে (Land dispute in Biswanath) ।

কিছু দিন পূৰ্বে স্থানীয় গাওঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত ভুক্তভোগী হুছেইন আহমেদ আৰু ভূমি বিক্ৰেতা আশ্ৰফ আলিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ৷ এই সভাত সৰ্ব সন্মতি ক্ৰমে ভূমি বিক্ৰেতাই মাটি দখলীস্বত্বৰ পৰিবৰ্তে হুছেইন আহমেদক মাটিৰ বাবে আদায় দিয়া সমস্ত টকা ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ এই টকা দেওবাৰে আদায় দিয়াৰ কথা আছিল যদিও সেয়া হৈ নুঠিল ৷ পুনৰ আজি স্থানীয় ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ সম্পাদকে গাঁৱত পুনৰ এখন সভা আয়োজন কৰাৰ কথা আছিল যদিও সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই টকা ওভতাই দিবলৈ ভূমি বিক্ৰেতাৰ পৰিয়ালে গাওঁৰক্ষী বাহিনীৰ সম্পাদক, গাওঁৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক আৰু হুছেইন আহমেদ আৰু তেওঁৰ ভাতৃ আনোৱাৰ আহমেদক নিজ ঘৰলৈ মাতে (Biswanath land dispute news) ৷

কিন্তু দলটোৱে আলোচনা কৰি থকাৰ সময়তে সামান্য কথাত বাক-বিতণ্ডাৰ সৃষ্টি হৈ চোকা অস্ত্ৰৰে আশ্ৰফ আলি, আনোৱাৰ হুছেইন ওৰফে ভণ্ড, আব্দুল মোতলেব আৰু জাকিৰ হুছেইনে হঠাৎ দলটোক আক্ৰমণ কৰে ৷ আনকি তেওঁলোকৰ আক্ৰমণত বাচি নগ’ল গাওঁৰক্ষী বাহিনীৰ সম্পাদক আব্দুল হাছেন, প্ৰাক্তন গাওঁৰক্ষী বাহিনীৰ সম্পাদক আব্দুল হাছিদসহ ভূমি ক্ৰয় কৰা হুছেইন আহমেদ আৰু তেওঁৰ ভাতৃ আনোৱাৰ হুছেইন ৷ এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হুছেইন আহমেদৰ ভাতৃ আনোৱাৰ হুছেইন ৷ ভুক্তভোগীৰ অভিযোগ অনুসৰি এই আক্ৰমণত কোনোপধ্যে নিজৰ নিজৰ প্ৰাণ ৰক্ষা কৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় সকলো । ঘটনাৰ পাচতেই ভুক্তভোগীয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে (Land dispute Case) ৷

লগতে পঢ়ক: Incomplete Bridge : আজিও সম্পূৰ্ণ হৈ নুঠিল গুনিয়ালগুৰি কোকিলা সংযোগী দলং; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান স্থানীয় লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.