ETV Bharat / state

Man Elephant conflict : বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত

author img

By

Published : Jan 10, 2022, 5:52 PM IST

বাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict in Assam) ৷ সোমবাৰে বিশ্বনাথৰ বিহালীত এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে (Wild elephant terror in Biswanath) ৷ এইক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Wild Elephant Menace
বিশ্বনাথৰ বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ

বিশ্বনাথ, ১০ জানুৱাৰী : বিশ্বনাথ জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ (Wild elephant terror in Biswanath) । সোমবাৰে বিশ্বনাথৰ বিহালীৰ মোনাবাৰীৰ চাধুসূঁতিত পুৱতি নিশা এটা বনৰীয়া হাতীয়ে চলায় উপদ্ৰৱ ৷ হাতীটোৱে পুৱতি নিশা তিনিটাকৈ ঘৰ আৰু এখন দোকান ভাঙি লণ্ড-ভণ্ড কৰে ৷

বিশ্বনাথৰ বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ

উল্লেখযোগ্য যে, মোনাবাৰীকে ধৰি জিলাখনৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি হাতীৰ জাকৰ পৰা ওলাই অহা এটা হাতীয়ে অঞ্চলটোত চলাই আহিছিল উপদ্ৰৱ ৷ এইক্ষেত্ৰত বিশ্বনাথৰ পূৱ শোণিতপুৰ বন সংমণ্ডলক বহুবাৰ অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নগ'ল ৷

ফলত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা গৈছে ৷ ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৰাইজে ।

লগতে পঢ়ক: Draught situation at Bogibeel : পানীৰ অভাৱত হাহাকাৰ ডিব্ৰুগড়ৰ বগীবিল অঞ্চলৰ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.