ETV Bharat / state

অসম-অৰুণাচল সীমান্তত ধুমুহাত মৃত্যু এজনৰ - মৃত্যু

ৰাজ্য়ত শনিবাৰে নিশা হোৱা ধুমুহাৰ ফলত বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ একে সময়তে অসম-অৰুণাচল সীমান্তৰ বিশ্বনাথত এই বতাহ ধুমুহাত প্ৰাণ হেৰুৱাই এজন লোকে ৷

man-dies-of-thunderstorm-biswanath
প্ৰচণ্ড ধুমুহা বতাহত অসম অৰুণাচল সীমান্তত এজনৰ মৃত্যু
author img

By

Published : Apr 11, 2021, 5:35 PM IST

Updated : Apr 11, 2021, 7:39 PM IST

বিশ্বনাথ,১১ এপ্ৰিল: শনিবাৰে নিশা বিশ্বনাথত হোৱা ধুমুহাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন হয় । বহু লোকৰ ঘৰৰ টিনপাত বতাহে উৰুয়াই নিয়াৰ উপৰিও বিশ্বনাথ নগৰৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইনব’ৰ্ড, হৰ্ডিং আদি উৰুৱাই নিয়ে ধুমুহাই । আনফালে জিলাখনৰ অসম-অৰুণাচল সীমান্তত ধুমুহাই প্ৰাণ কাঢ়ি নিয়ে এজন লোকৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি,সীমান্তৱৰ্তী অঞ্চলটোৰ বালিচাং পঞ্চায়তৰ অন্তৰ্গত ভাউৰাগুৰি গাঁৱৰ সৰ্বেশ্বৰ বসুমতাৰী (৭১) নামৰ এজন লোকৰ ঘৰ ধুমুহাৰ ফলত ভাঙি পৰাত ঘৰৰ ভিতৰতে মৃত্যুক সাবটি ল’ব লগা হয় লোকজনে । এই খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হয় বিধায়ক তথা বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ । বৰঠাকুৰে মৃত লোকজনৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গ তথা গাঁৱবাসীৰ পৰিস্থিতিৰ বুজ লৈ জিলা প্ৰশাসনক ক্ষতিপূৰণ দিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : বন্যহস্তীৰ তাণ্ডৱে জুৰুলা কৰিছে পেঙেৰীবাসীক

Last Updated : Apr 11, 2021, 7:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.