বিশ্বনাথ, 7 আগষ্ট : উৎকট গৰমত বিদ্যুৎ নথকাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে বিশ্বনাথ চাৰিআলিৰ কদমণি নামৰ এখন গাঁও ৷ বিগত 5 দিন ধৰি কদমণিত বিদ্যুৎ সংযোগ নথকাত জীয়াতু ভূগিছে অঞ্চলটোৰ ৰাইজে ৷ ট্ৰেন্সফৰ্মাটো বেয়া হোৱাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো 5 দিন ধৰি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিশ্বনাথ বিদ্যুৎ উপ - সংমণ্ডলে । ইয়াৰ পাছতে বুধবাৰে বহু সংখ্যক মহিলাই কাৰ্যালয়টো ঘেৰাও কৰি অভিযোগ উত্থাপন কৰে যে, বিদ্যুৎ নথকাৰ অৱস্থাত বিদ্যুৎ বিভাগলৈ যোগাযোগৰ চেষ্টা কৰিলে কোনো কৰ্মচাৰীয়ে অশ্লীল গালি - গালাজ পৰা আৰম্ভ কৰে ৷
বিদ্যুৎ বিভাগৰ এনে ব্যৱহাৰত অতিষ্ঠ হৈ পৰা গাঁৱৰ মহিলা সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কাৰ্যালয়টোত । অতি শীঘ্ৰেই বিদ্যুতৰ সঠিক ব্যৱস্থা নকৰিলে ৰাইজে কাৰ্যালয় ভাঙি পেলোৱাৰো সকিয়নী প্ৰদান কৰে ।