ETV Bharat / state

যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়ন কৰাৰ আহ্বান সাহিত্যিক ভূধৰ বৰাৰ - ব্যক্তিকেন্দ্ৰিক

যুৱ প্ৰজন্মক কিতাপ পঢ়াৰ আহ্বান 2020-21 বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপ্ত সাহিত্যিক ভূধৰ বৰাৰ ৷ চৰকাৰকো গ্ৰাম্য অঞ্চলৰ লাইব্ৰেৰী সমূহ পুনৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনালে সাহিত্য়িক গৰাকীয়ে ৷

Bhudhar Borah
Bhudhar Borah সাহিত্যিক ভূধৰ বৰা
author img

By

Published : Aug 19, 2020, 5:05 PM IST

বিশ্বনাথ, ১৯ আগষ্ট : ‘‘মানুহবোৰ আজিকালি বেছি ব্যক্তিকেন্দ্ৰিক হৈছে । সমাজৰ প্ৰতি দায়বদ্ধতা নোহোৱা হৈছে । যুৱ প্ৰজন্মও অধিক যান্ত্ৰিকতাৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে ৷’’ এই মন্তব্য বিশ্বনাথৰ বেদেতীৰ বিশিষ্ট সাহিত্যিক তথা ২০২০-২১ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰাপ্ত ভূধৰ বৰাৰ । ৭৪ তম্ স্বাধীনতা দিৱস দিনা অসমৰ কেইবাজনো সাহিত্যিক-শিল্পী-সাংবাদিকক অসম চৰকাৰে পেঞ্চন আগঢ়াইছিল তাৰ ভিতৰত সাহিত্যিক পেঞ্চন প্ৰাপ্ত অন্যতম বিশিষ্ট সাহিত্যিক ভূধৰ বৰা ।

সাহিত্য গৰাকীয়ে কিদৰে সাহিত্য চৰ্চা কৰিছিল সোধাত তেওঁ কয় যে, বিদ্যালয়ত অধ্যয়নকালৰ পৰাই সাহিত্য সমাজৰ প্ৰতি কিবা এটা কৰাৰ ইচ্ছা মনত লৈ কাম কৰি আহিছিল । কিদৰে যুৱ প্ৰজন্মক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিব পৰি তাৰ অহৰহ চেষ্টা কৰি আহিছিল ভূধৰ বৰাই । নাটক লিখি ভালপোৱা বৰাই 1984 চনতে ড্ৰাগছৰ ওপৰত বাটৰ নাট লিখি বলিষ্ঠ ভাৱে আত্মপ্ৰকাশ কৰাৰ পাচত এলান্ধু নামৰে এখন পূৰ্ণাংগ নাট ৰচনা কৰিছিল । তেতিয়াৰ পৰাই তেওঁ খ্যাতি বিয়পি পৰে ৷ তাৰ পাচত তেওঁ আৰু পিচলৈ ঘূৰি চাব লগীয়া হোৱা নাই ।

যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়ন কৰাৰ আহ্বান সাহিত্যিক ভূধৰ বৰাৰ

সাহিত্যিক বৰাৰ ৰচনাৱলীৰ ভিতৰত এলান্ধু সামাজিক নাট(1984), গল্প স‌ংকলন সাক্ষাৎকাৰ (1991 ), অশান্তি উৰ্মিমালা গল্প সংকলন (2005), সন্ত্ৰাস নামৰ কবিতা সংকলন, স্বৰচিত কবিতা আৰু জুইত নিয়ৰৰ টোপাল বিশেষভাৱে উল্লেখনীয় । ইয়াৰ ওপৰিও বেদেতী বেদৱতী, কাব্যালোচনী, বেদেতী কবি চক্ৰ , আদি বহু অনুষ্ঠান প্ৰতিষ্ঠানত ওতঃপ্ৰোত ভাৱে জড়িত থাকি সাহিত্যৰ জগতলৈ অনবদ্য অৱদান অব্যাহত ৰখা ভূধৰ বৰাই বৰ্তমানৰ যুৱ প্ৰজন্ম প্ৰতি আহ্বান সকলোৱে কিতাপ পঢ়া আৰম্ভ কৰক তেতিয়াহে সমাজ খনৰ উন্নতি হ'ব । পূৰ্বৰ যি গ্ৰাম্য অঞ্চলৰ লাইব্ৰেৰী সমূহ পুনৰ চৰকাৰক নিৰ্মাণ কৰিবলৈ আহ্বান জনায় সাহিত্যিক পেঞ্চন প্ৰাপ্ত বৰাই ।

লগতে পঢ়ক : মহানগৰীত পণ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.