বিশ্বনাথ,২ নৱেম্বৰ: কোনো অখ্যাত কবিয়ে কৈছে, ‘‘বোকা খুঁচৰি থকা বৰটোকোলা এটাৰ ঠোঁটত লাগি আছে ফাগুনৰ যৌৱনৰ গোন্ধ’’ । পিছে ফাগুন শুৱনি কৰিবলৈ বৰটোকোলা থাকিবগৈ জানো ? কাৰণ সিহতৰ ঘৰবোৰ এতিয়া নাই । জীৱশ্ৰেষ্ঠৰ বাবেই বিপদাপন্ন পক্ষীকুল । এক তথ্য অনুসৰি অসমৰ পৰিৱেশ বৰটোকোলাৰ বাবে খুবেই উপযোগী প্ৰাকৃতিক পৰিৱেশ । অথচ সেই অসমতে বৰটোকোলাৰ সংখ্যা দুষ্প্ৰাপ্যৰ পৰ্যায় পালেগৈ । জীৱ শ্ৰেষ্ঠ মানৱৰ কাণ্ডজ্ঞানহীন এক কৰ্মৰ বাবেই আজি ঠিকনা হেৰুৱাইছে বিপদাপন্ন প্ৰজাতিৰ বৰটোকোলা চৰায়ে । দৃশ্য বিশ্বনাথৰ ।
শতাধিক বিপদাপন্ন বৰটোকোলাৰ আৱাসথলী বিশ্বনাথ । ওখ গছত ঘৰ সজা এই পক্ষীকুল এতিয়া অঘৰী বিহংগ । কাটি পেলোৱা হ'ল ওখ গছ কেইজোপা । ব্যথিত প্ৰকৃতিপ্ৰেমী । ২০১৫ চনৰ পৰাই এই বৰটোকোলা সংৰক্ষণৰ এটা সঁচা কাহিনী আৰম্ভ হৈছিল । বিশ্বনাথত জৈৱ বৈচিত্ৰ অধ্যয়নৰ কাম আৰম্ভ কৰিছিল এটা প্ৰকৃতি প্ৰেমী যুৱদলে । বৰটোকোলাৰ পৰ্যবেক্ষণৰ কাম 'ৱাইল্ডহাৰ্ট ফাউণ্ডেশ্যন' নামৰ চৰাইৰ পৰ্যবেক্ষণৰ এটা দলে বিশ্বনাথত আৰম্ভ কৰিছিল । তেওঁলোকে বৰটোকোলাবোৰে ক'ত বাহ সাজে, প্ৰজনন কেনে ধৰণৰ, কণী পৰাৰ সময়, আদি সকলোবোৰ তথ্য পৰ্যবেক্ষণ কৰিছিল । অনুষ্ঠিত কৰিছিল বৰটোকোলা চাবলৈ যাওঁ আহা শীৰ্ষক অনুষ্ঠানৰ ।
উক্ত অনুষ্ঠানতে বৰটোকোলাৰ বাসস্থান থকা গছবোৰৰ স্বত্বাধিকাৰসকলক সন্মান জনাই তেওঁলোকক গছবোৰ কেতিয়াও নাকাটিবলৈ অনুৰোধ জনাইছিল প্ৰকৃতিপ্ৰেমীসকলে । তেওঁলোকেও গছবোৰ কেতিয়াও নকটাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল । কিন্তু, এতিয়া গছবোৰ নাই । নাই বৰটোকোলাৰ বাহত থকা পোৱালীবোৰ । কি হ'ল, কলৈ গ'ল তাক লৈ চিন্তিত প্ৰকৃতিপ্ৰেমীসকল । এই সমস্ত ঘটনাক লৈ ইতিমধ্যে ৱাইল্ড হাৰ্ট ফাউণ্ডেচনে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ লগতে মেনকা গান্ধী, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ পৰিষদ আদিলৈ লিখিত অভিযোগ প্ৰদান কৰিছে । নিজৰ স্বাৰ্থৰ বাবে জীৱকুলক কুঠাৰাঘাট কিয় ? মানুহৰ দৰে পক্ষীকুলৰো জানো জীয়াই থকাৰ অধিকাৰ নাই ? এনেকৈ হ'লে থাকিবগৈনে পক্ষীকুল ? এনেবোৰ প্ৰশ্নই এতিয়া আৱৰি ধৰিছে প্ৰকৃতিপ্ৰেমীসকলক ।
লগতে পঢ়ক: Diwali 2023 : সমাগত দীপাৱলী; মাটিৰ চাকি নিৰ্মাণত ব্যস্ত দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল