ETV Bharat / state

ৰাজ্যজুৰি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ সমাৰোহ - সাংসদ কুইন ওজা

মঙলবাৰে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় ভূমি পট্টা আৰু আৱন্টন পত্ৰ কাৰ্যসূচীৰ ৷ ৰাজ্যৰ সৰ্বমুঠ 40 হাজাৰ গৰাকীক প্ৰদান কৰা হয় এই পট্টা ৷

Land Revenue programme all over Assam
ৰাজ্যজুৰি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ সমাৰোহ
author img

By

Published : Jan 28, 2020, 11:57 PM IST

আমিনগাঁৱত, 28 জানুৱাৰীঃ মঙলবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণৰ আনুষ্ঠানিক সমাৰোহ । আমিনগাঁৱতো অনুষ্ঠিত কৰা হয় ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ সমাৰোহ । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু কামৰূপৰ উদ্যোগত ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ সভা । এই পট্টা বিতৰণ সমাৰোহ কাৰ্যসূচীত উপস্থিত থাকে সাংসদ কুইন ওজা, আবকাৰী, বন আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতা । উক্ত কাৰ্যসূচীচেই কামৰূপ জিলাৰ ৬২৩ গৰাকী হিতাধীকাৰক প্ৰদান কৰে ভূমি পট্টা আৰু আবণ্টন পত্ৰ ।

ৰাজ্যজুৰি ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ সমাৰোহ

যোৰহাটঃ যোৰহাটতো অনুষ্ঠিত হয় ভূমিহীন লোকক ম্যাদী পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ অনুষ্ঠানৰ ৷ অসম চৰকাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশমৰ্মে সমগ্র ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে যোৰহাট জিলাখনতো আনুষ্ঠানিকভাৱে ভূমিহীন লোকৰ মাজত ম্যাদী পট্টা বিতৰণ আৰু আৱন্টন দিয়া হয় । যোৰহাট জিলাৰ শ্ৰী পিতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত চাহ শ্ৰমিক কল্যাণ (স্বতন্ত্ৰ) মন্ত্ৰী সঞ্জয় কিষাণ যোৰহাট জিলাখনৰ পূৰ্ব ৰাজহ চক্ৰ, পশ্চিম ৰাজহ চক্ৰ, টিয়ক, তিতাবৰ আৰু মৰিয়নী ৰাজহ চক্ৰৰ অন্তৰ্গত লোকৰ মাজত আনুষ্ঠানিকভাৱে মাদ্যী পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰে। সমগ্র জিলা খনৰ মুঠ ৭০৯ জনক আৱন্টন পত্ৰ আৰু ১২৪৮ জনক ম্যাদী পট্টা বিতৰণ কৰিব ৰাজহ বিভাগে । যোৰহাট জিলাত আনুষ্ঠানিকভাৱে শ্ৰমিক কল্যাণ মন্ত্ৰীগৰাকীয়ে প্ৰতিটো ৰাজহ চক্ৰৰ পাঁচজনকৈ লোকক ম্যাদী পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰে ৷

ডিব্ৰুগড়ঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো চৰকাৰৰ ভূমিহীন খিলঞ্জীয়াক আৱন্টন আৰু ভূমি পট্টা প্ৰদান কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৰাজ্যজুৰি প্ৰায় 40 হাজাৰ লোকক দিয়া হৈছে আৱন্টন পত্ৰ আৰু ভূমি পট্টা । মুখ্যমন্ত্ৰীয়ে মাজুলীত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিপৰীতে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ইফালে তিনিচুকীয়াত 30 ফেব্ৰুৱাৰীত 5000 গৰাকীক দিয়া হ'ব ভূমি পট্টা আৰু আবন্টন পত্ৰ । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিত এই পট্টা বিতৰণ কৰা হয় ৷ তাৰোপৰি এই অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডীপুৰঞ্জণ মাক্ৰাৰী, বিধায়ক ঋতুপৰ্ণ বৰুৱা ,প্ৰশান্ত ফুকন, চক্ৰ গগৈ, নৰেণ সোণোৱাল আদি উপস্থিত থাকে ।

মাজুলীঃ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীতো অনুষ্ঠিত কৰা হয় ভূমি পট্টা প্ৰদানৰ অনুষ্ঠানৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দক্ষিনপাট সত্ৰৰ সত্ৰাধিকাৰ ননিগোপাল দেৱ গোস্বামীক প্ৰথম ভূমি পট্ৰা প্ৰদান কৰি শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ ৷ দৰিয়াপাৰত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভূমিহীন পৰিয়ালক মাটি পট্টা প্ৰদান কৰে ।

ধেমাজিঃ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে ধেমাজি কাছাৰী ময়দানত পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন হয় ৷ জিলাখনত মুঠ ৩৫১৭ গৰাকী হিতাধিকাৰীক প্ৰদান কৰা এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ, আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় ঘানাৱট আৰু ধেমাজি বিধায়ক ৰণোজ পেগু ৷

নলবাৰীঃ নলবাৰীতো অনুষ্ঠিত কৰা হয় ভূমি পট্টা বিতৰণ অনুষ্ঠানৰ । নলবাৰীত ভূমিহীন লোকক প্ৰদান কৰা হয় ভূমি পট্টা আৰু ভূমি আৱন্টনৰ প্ৰমাণপত্ৰ । অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নলবাৰী নাট্য মন্দিৰত কৃষক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এখনি সভাত বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা ,জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীৰ উপস্থিতিত জিলাখনৰ চাৰিশ আঠটা ভুমিহীন পৰিয়ালক চাৰিশ চৌব্বিশ বিঘা এঘাৰ লেচা (৪২৪ বিঘা ১১ লেচা) ভূমিৰ ভূমি পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰা হয় ।

বৰপেটাঃ বৰপেটাটো প্ৰদন কৰা হয় ভূমিহীনক মাটিৰ পট্টা ৷ খিলঞ্জীয়া ভূমিহীনক মাটিৰ অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পূৰ্বঘোষিত আঁচনি অনুসৰি বৰপেটাতো ভূমিহীন লোকৰ মাজত ভূমি পট্টা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ বৰপেটাৰ ৯২৭ গৰাকী লোকৰ মাজত ভূমিৰ পট্টা আৰু আৱন্টন পত্ৰ বিতৰন কৰা হয় ৷ বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত আইনমন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জিলাখনৰ ভূমিহীন লোকসকলৰ মাজত ভূমিপট্টা আৰু আৱন্টন পত্ৰ বিতৰন কৰে ৷ আনহাতে বিগত বানত ক্ষতিগ্ৰস্থ জিলাখনৰ ৭৩৯ টা পৰিয়ালৰ মাজত ক্ষতিপূৰণ হিচাপে চেক বিতৰন কৰা হয় ৷ ৰাজ্যৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত বানত ক্ষতিগ্ৰস্থ ৭৩৯ টা পৰিয়ালৰ প্ৰতিটো পৰিয়ালক ৩,৮০০ টকাৰ চেক বিতৰণ কৰে ৷ অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থপনা বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে জিলাপ্ৰশাসনৰ বিয়য়া কৰ্মচাৰী, জিলাখনৰ ভুমিহীন আৰু বানত ক্ষতিগ্ৰস্থ লোকসকলেও অংশগ্ৰহন কৰে ৷

বিশ্বনাথঃ বিশ্বনাথতো অনুষ্ঠিত কৰা হয় ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ ৷ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই প্ৰদান কৰে পট্টা । মঙলবাৰে বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ সমাৰোহত বিশ্বনাথ জিলাৰ মুঠ ১৪৫০ টা পৰিয়াললৈ আনুষ্ঠানিকভাৱে ভূমিৰ আবণ্টন পত্ৰ আৰু পট্টা বিতৰণ অনুষ্ঠানৰ ৷

তেজপুৰঃ তেজপুৰতো ভূমি পট্টা বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । তেজপুৰত চাৰিটা ৰাজহ চক্ৰৰ অধীনত ঢেকীয়াজুলি, তেজপুৰ, ন দুৱাৰ ,ঠেলামৰা আৰু চাৰিদূৱাৰ মুঠ ১৫৮ গৰাকী ভূমিহীন লোকক ভূমিৰ পট্টা বিতৰণ কৰে । আনহাতে ৬৭২ গৰাকীক ভূমিৰ আৱন্টনৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে । এই সভাত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং পৌৰ সভাৰ সভানেত্ৰী পুষ্পা ডেকা উপস্থিত থাকে ।

আৰু পঢ়কঃক'লা পতাকাৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য, চন্দমোহন পাটোৱাৰী আৰু

Intro:আমিনগাঁওৱত ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ সমাৰোহ। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু কামৰূপ উদ্যোগত ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ সভা।

Body:ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ আনুষ্ঠানিক সমাৰোহ।এই পট্টা বিতৰণ সমাৰোহ কাৰ্যসূচীত উপস্থিত থাকে সাংসদ কুইন ওজা, আবকাৰী, বন আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ ,পশ্চিম গুৱাহাটী সমষ্টিৰ
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমল পুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতা ।

Conclusion:উত্ত কাযসূচিতেই কামৰূপ জিলাৰ ৬২৩ গৰাকী হিতাধীকাৰক প্ৰদান কৰে আমিনগাঁওৱত ভূমি পট্টা আৰু আবণ্টন পত্ৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.