ETV Bharat / state

কোচ-ৰাজবংশী সন্মিলনী আৰু কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল - বিশ্বনাথত সংবাদমেল

সোমবাৰে বিশ্বনাথত কোচ-ৰাজবংশী সন্মিলনী আৰু কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল । আগন্তুক মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে সম্বোধন কৰা হয় এই সংবাদমেল ৷

pressmeet
সংবাদমেল
author img

By

Published : Feb 15, 2021, 10:32 PM IST

বিশ্বনাথ,15 ফেব্ৰুৱাৰী : সোমবাৰে বিশ্বনাথ নগৰৰ সমীপৰ হোটেল লীৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰে কোচ-ৰাজবংশী সন্মিলনী আৰু কোচ-ৰাজবংশী ছাত্ৰ সন্থাই ৷ সংবাদমেলত আগন্তুক 26 আৰু 27 ফেব্ৰুৱাৰীত সদৌ বিশ্বনাথ জিলা কোচ ৰাজবংশী সন্মিলনী আৰু সদৌ বিশ্বনাথ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰিবলগীয়া প্ৰেৰণাৰ স্তম্ভ বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী সম্পৰ্কে আলোচনা কৰা হয় ৷

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

সংবাদমেলত উপস্থিত থাকে বিশ্বনাথ জিলা সন্মিলনীৰ কমল চন্দ্ৰ ভূঞা, প্ৰদীপ ভূঞা, দাদুল ৰাজখোৱা, নিহাৰ শইকীয়া, কাৰ্ত্তিক ভূঞাৰ লগতে আক্ৰাছু, বিশ্বনাথ জিলা আৰু সদৰ আঞ্চলিকৰ নিপম কুমাৰ বৰা, ভাস্কৰ ৰাজখোৱা, মিকু বৰা, বাব্লু শইকীয়া, ঋষভ বৰ্মন, হোমেন বৰ্মন, ৰিপন বৰা, দুদু বৰাকে ধৰি বহু বিষয়ববীয়া ৷

লগতে পঢ়ক : বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে 47 সংখ্যক কাৰ্বি মহোৎসৱ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.